গুৱাহাটী, ১ জুনঃ আজি কলিকতাত এক সংগীতানুষ্ঠানৰ কেইঘণ্টামান পিছত কণ্ঠশিল্পী কে কেৰ মৃত্যু হয়। তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম পৃষ্ঠাত প্ৰায় ১০ ঘণ্টা আগতে কলিকতাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক সংগীতানুষ্ঠানৰ দৃশ্য আছে।
জানিব পৰা মতে ৫৩ বছৰীয়া গায়কজনে কলিকতাৰ নজৰুল মাঞ্চ প্ৰেক্ষাগৃহত সংগীতানুষ্ঠানৰ পিছত তেওঁ আশ্ৰয় লৈ থকা হোটেলখনৰ চিৰিৰ পৰা বাগৰি পৰিছিল। পৰৱৰ্তী সময়ত তেওঁক ততাতৈয়াকৈ চি এম আৰ আই চিকিৎসালয়ত লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
কৃষ্ণকুমাৰ কুন্নাথ, যাক সকলোৱে কেকে বুলি জানিছিল, তেওঁ 'পাল' আৰু 'য়াৰন'ৰ দৰে গানৰ বাবে জনাজাত আছিল। যি ১৯৯০ ৰ দশকৰ শেষৰ ফালে কিশোৰসকলৰ মাজত ডাঙৰ হিট গান হিচাপে পৰিণত হৈছিল আৰু প্ৰায়ে স্কুল আৰু কলেজৰ বিদায় অনুষ্ঠান নাইবা সাংস্কৃতিক অনুষ্ঠানৰ সময়ত তেওঁৰ গান শুনিবলৈ পোৱা যায়।
তেওঁ ১৯৯৯ চনৰ প্ৰথম এলবাম পাল সমালোচকৰ দ্বাৰা প্ৰশংসিত হৈছিল। ২০০০ দশকৰ আৰম্ভণিৰ পৰা, তেওঁ প্লেবেক গানত কেৰিয়াৰ গঢ়ি তুলিছিল আৰু বলীউডৰ চলচ্চিত্ৰৰ বাবে বিভিন্ন জনপ্ৰিয় গান ৰেকৰ্ড কৰিছিল।
বৰ্তমান তেওঁৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। ইয়াৰ লগতে, কন্ঠশিল্পী পাপন অংগৰাগ মহন্ত সহ কেইবাগৰাকী বলীউডৰ তাৰকাই শোক প্ৰকাশ কৰিছে।
Comments