গুৱাহাটী,৩১ মে':সদ্য ঘোষিত ইউপিএছচি পৰীক্ষাত প্ৰথম তিনিটা স্থান দখল কৰে মহিলাই৷ অংকিতা আগৰৱাল আৰু গামিনী সিংলাই ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে৷পৰীক্ষাত মুঠ ৬৮৫গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হয় আৰু তেওঁলোকৰ ভিতৰত ৫০৮জন পুৰুষ প্ৰাৰ্থী আৰু ১৭৭গৰাকী মহিলা প্ৰাৰ্থী৷ যোগ্যতা অৰ্জন কৰাসকলক বিভিন্ন কেন্দ্ৰীয় সেৱাত নিযুক্তিৰ বাবে ইউ পি এছ চিয়ে অনুমোদন জনাইছে৷
প্ৰথমবাৰ পৰীক্ষাত উত্তীৰ্ণ নহ'লেও গামিনী সিংলাই হাৰ মনা নাছিল। একাগ্ৰতা আৰু স্ব-অধ্যয়নৰ জৰিয়তে অৱশেষত সদ্য ঘোষিত ইউপিএছচি পৰীক্ষাত তেওঁ তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়।তেওঁ কম্পিউটাৰ চাইন্সত বি টেক ডিগ্ৰী লাভ কৰিছিল আৰু সমাজতত্বক বৈকল্পিক বিষয় হিচাপে লৈ ইউপিএছচিৰ বাবে প্ৰস্তুতি চলাইছিল।তেওঁ তেওঁৰ এই সফলতাৰ সমস্ত কৃতিত্ব দেউতাকক দিছিল।
তেওঁ কয়,"মই দিনে ৯ পৰা ১০ ঘণ্টা পঢ়িছিলো।মই পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিবলৈ বেছিভাগ সময় নিজাকৈ অধ্যয়ন কৰিছিলো আৰু অৱশেষত মই উত্তীৰ্ণ হৈছিলো। মোৰ দেউতাই মোক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত যথেষ্ট সহায় কৰিছিল।তেওঁ সদায় পেপাৰবোৰ পঢ়ি তাত থকা গুৰুত্বপূৰ্ণ বিষয়খিনিত চিন দি থৈছিল।আমি পিছত দুয়ো সেই বিষয়ৰ ওপৰত আলোচনা কৰিছিলোঁ।"
চিংলাৰ পিতৃ-মাতৃয়ে হিমাচল প্ৰদেশত চিকিৎসা বিষয়া হিচাপে কৰ্মৰত।অসামৰিক সেৱা পৰীক্ষাত ঈৰ্ষনীয় বাছনিৰ দ্বাৰা উৎসাহিত হৈ গামিনী সিংলাই লগতে কয় যে মহিলাসকলে কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে যিকোনো সফলতা প্ৰাপ্তি কৰিবলৈ সক্ষম হয়। পঞ্জাৱৰ আনন্দপুৰ চাহিবত বাস কৰা চিংলাই লগতে কৈছিল যে,"মই এই ফলাফলত বহুত সুখী।মই দেশৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰিব বিচাৰো।"
Comments