গুৱাহাটী, ৩১ মেঃ মঙলবাৰে জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ গোপালপোৰা অঞ্চলত পেছাত বিদ্যালয়ৰ শিক্ষয়িত্ৰী এগৰাকী কাশ্মিৰী মহিলাক উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰে।
মহিলাগৰাকী জম্মুৰ চাম্বাৰ বাসিন্দা আছিল বুলি আৰক্ষীয়ে জনায়। ইপিনে, ঘটনাটো সংঘটিত হোৱা অঞ্চলটোলৈ তৎকালীনভাৱে নিৰাপত্তা বাহিনী প্ৰেৰণ কৰা হৈছে।
নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাই ঘটনাটোৰ সন্দৰ্ভত শোক প্ৰকাশ কৰি কৰি কয় যে, "ই অতি বেদনাদায়ক। নিৰস্ত্ৰ নাগৰিকসকলৰ ওপৰত হোৱা শেহতীয়া আক্ৰমণৰ এক দীঘলীয়া তালিকাত এইটো আন এটা লক্ষ্য কৰি লোৱা হত্যাকাণ্ড। পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে তেওঁলোকে বিশ্ৰাম নোলোৱাৰ লগতে নিন্দা আৰু শোকৰ শব্দ প্ৰকাশ কৰা চৰকাৰৰ আশ্বাসবোৰ ফোঁপোলা হৈ পৰিছে। মৃতব্যক্তিগৰাকীয়ে চিৰশান্তি লাভ কৰক।"
ইপিনে, পিপলছ ডেমক্ৰটিক পাৰ্টি চমুকৈ পিডিপিৰ সভাপতি মেহবুবা মুফতীয়ে এই আক্ৰমণক গৰিহণা দিছে আৰু শেহতীয়াকৈ অসামৰিক লোকৰ ওপৰত হোৱা হত্যাকাণ্ডৰ ঘটনাক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে।"
কাশ্মীৰ স্বাভাৱিক হোৱাৰ বিষয়ে জিঅ'আইৰ ভুৱা দাবী দিয়া স্বত্বেও এয়া স্পষ্ট যে অসামৰিক লোকৰ ওপৰত লক্ষ্য কৰি লোৱা হত্যাকাণ্ড বৃদ্ধি পাইছে আৰু ই এক গভীৰ চিন্তাৰ কাৰণ হৈ পৰিছে।
Comments