গুৱাহাটী,৩১ মে':নেপাল সেনাই দেওবাৰে নেপালৰ পাহাৰীয়া মুস্তাং জিলাত দুৰ্ঘটনাগ্ৰস্ত হোৱা তাৰা এয়াৰ বিমানখনৰ ধ্বংসাৱশেষৰ স্থানৰ পৰা অন্তিমটো মৃতদেহ উদ্ধাৰ কৰিছে।বিমানৰ ব্লেক বাকচটো উক্ত মৃতদেহৰ ওচৰৰ পোৱা উদ্ধাৰ কৰা হৈছিল।নেপালৰ কৰ্তৃপক্ষই মঙলবাৰে ৰাতিপুৱা অন্তিমটো মৃতদেহটো উদ্ধাৰ কৰিবলৈ তেওঁলোকৰ অনুসন্ধান অভিযান পুনৰ আৰম্ভ কৰিছিল,উদ্ধাৰকাৰীসকলে পাহাৰীয়া মুস্তাং জিলাত দুৰ্ঘটনাগ্ৰস্ত হোৱা তাৰা এয়াৰ বিমানখনৰ ধ্বংসাৱশেষৰ স্থানৰ পৰা ২১ টা মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিছিল।
নেপাল সেনাৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল নাৰায়ণ চিলৱালে টুইট কৰি কয়,'দুৰ্ঘটনাস্থলীৰ পৰা বাকী ১২ টা মৃতদেহ কাঠমাণ্ডুলৈ অনাৰ ব্যৱস্থা কৰা হৈছে''।সোমবাৰে নিশালৈকে উদ্ধাৰকাৰীসকলে দুৰ্ঘটনাস্থলীৰ পৰা ২১ টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।পোখৰাৰ পৰা মধ্য নেপালৰ জনপ্ৰিয় পৰ্যটন চহৰ জোমচোমলৈ উৰা মাৰি থকা কানাডিয়ান নিৰ্মিত বিমানখনত আছিল তিনিজন নেপালী বিমান কৰ্মচাৰীৰ উপৰিও চাৰিজন ভাৰতীয়, দুজন জাৰ্মান আৰু ১৩ জন নেপালী যাত্ৰী আছিল।
Comments