গুৱাহাটী, ১ জুনঃ এজন ৰাছিয়াৰ চোৰাংচোৱা বিষয়াই দাবী কৰিছে যে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ হাতত কেৱল তিনি বছৰহে বাকী আছে। কিয়নো তেওঁৰ কৰ্কট ৰোগ দ্ৰুত গতিত বৃদ্ধি পাইছে। এফ এছ বি (ৰাছিয়ান ফেডাৰেল চিকিউৰিটি চাৰ্ভিচ)ৰ এজন বিষয়াইও দাবী কৰিছে যে ৬৯ বছৰীয়া পুটিনে দৃষ্টিশক্তিও হেৰুৱাইছে।
পুটিনৰ স্বাস্থ্য দ্ৰুতগতিত অৱনতি হোৱাৰ অনুমানৰ মাজতে এই তথ্য আহিছে। অৱশ্যে, ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভে দেওবাৰে ৰাষ্ট্ৰপতি পুটিন অসুস্থ বুলি কৰা অনুমানক অস্বীকাৰ কৰি কয় যে, "তেওঁৰ শৰীৰত কোনো ৰোগৰ কোনো লক্ষণ নাই।"
ইপিনে, এক বিশেষ প্ৰতিবেদনত কোৱা হৈছে যে, এফ এছ বি বিষয়াই ব্ৰিটেইনত বাস কৰা এজন প্ৰাক্তন ৰাছিয়ান গুপ্তচৰ বৰিছ কাৰ্পিচকভলৈ এক বাৰ্তাত পুটিনৰ স্বাস্থ্য সম্পৰ্কে শেহতীয়া তথ্য প্ৰদান কৰিছে।
তেওঁ কৈছে যে, "আমাক কোৱা হৈছে যে পুটিনে মূৰৰ বিষত ভুগি আছে আৰু যেতিয়া তেওঁ টিভিত উপস্থিত হয় তেতিয়া তেওঁক ডাঙৰ আখৰত লিখা কাগজৰ টুকুৰাবোৰৰ প্ৰয়োজন হয় যাতে তেওঁ ক'ব লগীয়া কথাখিনি ভালদৰে চিনি পায় আৰু পঢ়িব পাৰে।
এই আখৰবোৰ ইমান ডাঙৰ যে প্ৰতিটো পৃষ্ঠাত কেৱল কেইটামান বাক্যহে থাকিব পাৰে। নিউজ ডট কম ডট এইউ (news.com.au) এ প্ৰকাশ কৰা অনুসৰি, পুটিনৰ দৃষ্টিশক্তি গুৰুতৰভাৱে অৱনতি হৈছে।
ইপিনে, আন এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, "পুটিনৰ হাত-ভৰি এতিয়া নিয়ন্ত্ৰণ হেৰুৱাই কঁপিবলৈ ধৰিছে। পুটিনৰ পেটত অস্ত্ৰোপচাৰ কৰা হৈছে। এই তথ্য ৰাছিয়াৰ বৈদেশিক চোৰাংচোৱা সেৱাৰ সৈতে সম্পৰ্কিত টেলিগ্ৰাম চেনেল জেনেৰেল এছভিআৰক দিয়া হৈছে।"
অৱশ্যে, লাভাৰভে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ স্বাস্থ্য সম্পৰ্কে চলি থকা সকলো ধৰণৰ জল্পনা-কল্পনা অস্বীকাৰ কৰে। ৰাছিয়াৰ শীৰ্ষ কূটনীতিবিদজনে এক অনুষ্ঠানত এই বিষয়ত কয় যে, "মই নাভাবো যে বুদ্ধিমান লোকসকলে এই ব্যক্তিজনৰ মাজত কোনো ধৰণৰ ৰোগ বা ৰোগৰ লক্ষণ দেখিব পাৰে।
চলিত বৰ্ষৰ অক্টোবৰত পুটিনৰ বয়স ৭০ বছৰ হ'ব, তেওঁ প্ৰতিদিনে এই বিশেষ দিনটোত ৰাজহুৱাভাৱে উপস্থিত হয়। তেওঁ সম্পূৰ্ণৰূপে স্বাস্থ্যৱান।"
Comments