গুৱাহাটী,১ জুন:প্ৰাক্তন কংগ্ৰেছ নেতা হাৰ্দিক পেটেলে ২ জুনত গুজৰাট দলৰ সভাপতি চি আৰ পাটিলৰ উপস্থিতিত বিজেপিত যোগদান কৰিব। মে' মাহৰ আৰম্ভণিতে কংগ্ৰেছৰ পৰা পদত্যাগ পত্ৰ প্ৰদান কৰাৰ আগতে হাৰ্দিক পেটেলে দলৰ সভাপতি ছোনিয়া গান্ধীলৈ এক পত্ৰ লিখিছিল, য'ত তেওঁ অভিযোগ কৰিছিল যে দলটোৱে কেৱল দেশৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত নিৰৱ ভূমিকা পালন কৰি আহিছে আৰু চৰকাৰৰ দুৰ্নীতিত বিৰোধিতা কৰাৰ মনোভাৱ হ্ৰাস পাইছে।
পেটেলে লগতে কংগ্ৰেছৰ অৰ্থহীন কৰ্ম সংস্কৃতিক তীব্ৰ সমালোচনা কৰি কয় যে গুজৰাট কংগ্ৰেছৰ নেতাসকলে ৰাজ্যখনৰ সন্মুখীন হোৱা প্ৰকৃত সমস্যাসমূহৰ সমাধান কৰাৰ বাবে আটাইতকৈ কম চিন্তা কৰে,দিল্লীৰ পৰা গুজৰাটলৈ অহা নেতাসকলে যাতে সময়মতে "চিকেন চেণ্ডউইচ" লাভ কৰে তাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে অভিযোগ কৰিছিল যে গুজৰাট কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি পোৱা স্বত্বেও দলটোৱে তেওঁক কোনো কামৰ দায়িত্ব দিয়া নাছিল।'দলটোৱে মোক এনে এখন মঞ্চ প্ৰদান কৰিব বুলি আশা কৰি মই কংগ্ৰেছত যোগদান কৰিছিলো য'ত মই মোৰ সামৰ্থ্য অনুযায়ী জনসাধাৰণক সেৱা আগবঢ়াব পাৰিলোহেঁতেন।"
Comments