Cartoon
View Older
গুৱাহাটী,১ জুন:বিশ্বত মাঙ্কিপক্সৰ সংক্ৰমন দ্ৰুতগতিত বিয়পি পৰিছে।বিশ্বৰ ২০ খন দেশত ১৩১ টা নিশ্চিত মাঙ্কিপক্স আৰু ১০৬ টা সন্দেহজনক ঘটনা সংঘটিত হৈছে।বিশ্ব স্বাস্থ্য সংস্থাই লগতে কৈছে যে গ্ৰীষ্মকালত ইউৰোপ আৰু আন ঠাইত মাঙ্কিপক্স সংক্ৰমণৰ সম্ভাৱনা অধিক।
পশ্চিম আৰু মধ্য আফ্ৰিকাৰ স্থানীয় অঞ্চলৰ বাহিৰত এতিয়ালৈকে ইউৰোপতেই মাঙ্কিপক্সৰ সংক্ৰমনৰ ঘটনা সৰ্ববৃহৎ।যোৱা দুসপ্তাহত সমগ্ৰ ইউৰোপত মাঙ্কিপক্সৰ ঘটনা বৃদ্ধি হোৱাক লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰোপৰ আঞ্চলিক সঞ্চালক হান্স ক্লুগে কয়,"সংক্ৰমনৰ অনুসন্ধান আৰু বৰ্তমানৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰয়োজনীয় সকলোবোৰ পদক্ষেপ লোৱা হৈছে।"১৯৫৮ চনত প্ৰথমবাৰৰ বাবে মাঙ্কিপক্স আৱিষ্কাৰ কৰা হৈছিল। ১৯৭০ চনত ডেমক্ৰেটিক ৰিপাব্লিক অৱ কঙ্গোত মাঙ্কিপক্সৰ প্ৰথম ঘটনা লিপিবদ্ধ কৰা হৈছিল।
Comments