গুৱাহাটী,১ জুন : দেশবাসীলৈ সকাহ ৷ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক জুৰুলা কৰাৰ পিছতেই জুনৰ পহিলা দিনটোতেই দেশজুৰি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হয় ৷ বুধবাৰ ১ জুনৰ পৰা দেশজুৰি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১৩৫ টকা হ্ৰাস কৰা হৈছে । এই মূল্য হ্ৰাস কেৱল বাণিজ্যিক চিলিণ্ডাৰৰ বাবে বৈধ, ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ বাবে নহয়।
বৰ্তমান দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২২১৯ টকা, কলকাতাত বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ২৩২২ টকা, মুম্বাইত ২১৭১ টকা আৰু চেন্নাইত ২৩৭৩ টকা। মূল্য হ্ৰাসৰ পূৰ্বে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য কলকাতাত ২৪৫৪ টকা, মুম্বাইত ২৩০৬ টকা আৰু চেন্নাইত ২৫০৭ টকালৈ বৃদ্ধি হৈছিল ৷
বিগত মাহৰ ১ মে'ত তেল বিপণন কোম্পানীসমূহে উজ্জ্বলা দিৱস উপলক্ষে ৫০০০ তকৈও অধিক এল পি জি চিলিণ্ডাৰ পঞ্চায়ত আয়োজন কৰি তাৰ জৰিয়তে এলপিজিৰ সুৰক্ষিত আৰু অবিৰত ব্যৱহাৰ ওপৰত আলোকপাত কৰাৰ উপৰি গ্ৰাহকৰ নামভৰ্তি সৰ্বাধিক কৰাৰ বাবে প্ৰয়াস কৰা হৈছিল ।
Comments