গুৱাহাটী, ২ জুনঃ বিশ্ব স্বাস্থ্য সংস্থাই মাঙ্কিপক্সৰ বৰ্ধিত ঘটনাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে। এই ৰোগ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্ব স্বাস্থ্য সংস্থাই কয় যে, "মাঙ্কিপক্সক সৰু ৰোগ হিচাপে গণ্য কৰাটো এটা ডাঙৰ ভুল হ'ব পাৰে।"
বিশ্ব স্বাস্থ্য সংস্থাৰ মহামাৰী আৰু প্ৰতিৰোধৰ মুৰব্বী চিলভি ব্ৰিয়াণ্ডে সমগ্ৰ বিশ্বত মাঙ্কিপক্সৰ ঘটনা বৃদ্ধিৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কৈছে যে, "মই নাজানো যে আমি ইয়াক এটা সৰু ৰোগ হিচাপে গণ্য কৰি আছো নে নাই।"
ইপিনে, ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে কৈছে যে, "এই ৰোগটোক আন্তৰ্জাতিক জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰা উচিত নে পি এইচ ই আই চি হিচাপে ঘোষণা কৰা উচিত সেয়া বিবেচনা কৰি আছোঁ। সংস্পৰ্শৰ দ্বাৰা বিয়পি পৰা মাঙ্কিপক্সত মৃদু জ্বৰ হয়।
ইয়াৰ ফ্লু-সদৃশ লক্ষণ থাকে আৰু ছালৰ ঘা হয়, য'ত পুঁজ ওলাই থাকে। এতিয়া এই ৰোগ সমগ্ৰ ইউৰোপতে বিয়পি পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই দুই ডজন দেশত প্ৰায় ৪০০ সন্দেহজনক আৰু নিশ্চিত ঘটনা চিনাক্ত কৰিছে। ইয়াৰে, ব্ৰিটেইনত প্ৰথম নিশ্চিত ৰোগীজন ৭ মে'ত পোহৰলৈ আহিছিল।
বিশ্ব স্বাস্থ্য সংস্থাৰ স্বাস্থ্য জৰুৰীকালীন কাৰ্যসূচীৰ কাৰিকৰী মুৰব্বী ৰোজামুণ্ড লুইছে মাঙ্কিপক্স মহামাৰী হ'ব পাৰে নেকি বুলি সোধাত তেওঁ কয়, "আমি নাজানো কিন্তু আমি তেনে দৰে নাভাবো।" তেওঁ আৰু কয় যে, "এই মুহূৰ্তত আমি বিশ্বব্যাপী মহামাৰীৰ বিষয়ে চিন্তিত নহয়।"
তেওঁ লগতে কৈছে, "আমি এই সময়ত নাজানো যে মাঙ্কিপক্সৰ লক্ষণহীন সংক্ৰমণ আছে নে নাই। অতীতত সম্ভেদ পোৱা গৈছে যে এইটো এটা বিশিষ্ট বৈশিষ্ট্য নহয়। কিন্তু সেইটো নিৰ্ধাৰণ কৰিবলৈ আৰু কিছু পৰীক্ষা কৰিব বাকী আছে।
মাঙ্কিপক্স স্মলপক্সৰ সৈতে সম্পৰ্কিত, যি ১৯৮০ চনত নিৰ্মূল কৰাৰ আগতে প্ৰতি বছৰে বিশ্বৰ লাখ লাখ লোকৰ মৃত্যু হৈছিল। কিন্তু মাঙ্কিপক্স সিমান গুৰুতৰ নহয় আৰু বেছিভাগ আক্রান্ত লোক তিনিৰ পৰা চাৰি সপ্তাহৰ ভিতৰত আৰোগ্য হয়।
Comments