গুৱাহাটী, ২ জুনঃ স্পাইডাৰমেন চলচ্চিত্ৰখনৰ পিছত, এই চৰিত্ৰটোৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পাইছিল আৰু কিছু সময়ত ভাৰতীয় বজাৰতো স্পাইডাৰমেনৰ পোছাকৰ চাহিদা যথেষ্ট বেছি হৈছিল।
কিন্তু ছিংগাপুৰত এজন ১৯ বছৰীয়া যুৱকক স্পাইডাৰ মেন হ'বলৈ বাধ্য কৰা হৈছিল আৰু তেওঁক ৪ হাজাৰ ছিংগাপুৰ ডলাৰ (প্ৰায় ২.২৫ লাখ টকা) জৰিমনা বিহা হৈছে।
দৰাচলতে, ছিংগাপুৰত এজন ১৯ বছৰীয়া ভাৰতীয় বংশোদ্ভূত যুৱকে ক'ৰনা প্ৰটোকল ভংগ কৰি নতুন বছৰ উদযাপন কৰিছিল। সেয়েহে শেহতীয়াকৈ তেওঁক ৪,০০০ ছিংগাপুৰ ডলাৰ জৰিমনা বিহা হৈছে।
তথ্য অনুসৰি, কোত্ৰা ভেঙ্কটা চাই ৰোহনকৃষ্ণই যোৱা বছৰ নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত স্পাইডাৰমেনৰ পোছাক পৰিধান কৰি নদীৰ পাৰত এটা পাৰ্টিত উপস্থিত হৈছিল আৰু তাত তেওঁ ২০২০ চনৰ পৰা চৰকাৰে ছিংগাপুৰত কাৰ্যকৰী কৰা ক'ৰনা নিয়মবোৰ উপেক্ষা কৰিছিল।
বাতৰি অনুসৰি, তেওঁ আৰু তেওঁৰ তিনিজন বন্ধুৱে তেওঁলোকৰ ইউটিউব চেনেলৰ বাবে ভিডিঅ' বনাবলৈ ক্লাৰ্ক কুৱেত সমবেত হোৱা জনতাৰ সৈতে যোগ দিছিল। কেইদিনমান পিছত, তেওঁ এই ভিডিঅ'টো ইউটিউবত শ্বেয়াৰ কৰিছিল, য'ত তেওঁক ক'ৰনাৰ প্ৰতি ল'ব লগা সাৱধানতা আৰু ব্যৱস্থাপনাক উলংঘা কৰা দেখা গৈছিল।
অভিযোগকাৰী জেৰেমি বিনে আদালতক জনায় যে, "ৰোহনকৃষ্ণৰ দুজন চীনা বন্ধু, গ্লেক্সি লৌ জুয়ান মিং, লি হাৰ্ন চিং আৰু ভাৰতীয় মূলৰ আকাশে তেওঁক ভিডিঅ'টো তৈয়াৰ কৰাত সহায় কৰিছিল।
বিনে এই সন্দৰ্ভত কৈছিল যে, "ৰোহনকৃষ্ণৰ স্পাইডাৰমেন পোছাকে মানুহক আকৰ্ষিত কৰিছিল আৰু তেওঁ সেই সময়ত মুখা পিন্ধি নাছিল, যিটো তেতিয়াৰ প্ৰযোজ্য নিয়মৰ অধীনত বাধ্যতামূলক আছিল।"
যদি ক'ভিড-১৯ ৰ নিয়ম উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত হয়, তেন্তে ১০,০০০ ছিংগাপুৰ ডলাৰ লৈকে জৰিমনা বিহা হ'ব, নাইবা ছয় মাহলৈকে কাৰাবাস অথবা দুয়োটা শাস্তি প্ৰদান কৰা হ'ব পাৰে।
বৰ্তমান, ক'ৰনাৰ ক্ষেত্ৰত নিয়মবোৰ শিথিল কৰা হৈছে, কিন্তু এবছৰ আগতে এই নিয়মবোৰ কঠোৰভাৱে অনুসৰণ কৰা হৈছিল। এইকাৰণেই যুৱকজনক এতিয়া পুৰণি গোচৰত দণ্ডিত কৰা হৈছে।
Comments