গুৱাহাটী,২ জুন:অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰী গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে অসম চৰকাৰে অধিবক্তা পল্লৱ কটকীক বিশেষ ৰাজহুৱা অধিবক্তা হিচাপে নিয়োগ কৰিছে। আনহাতে, ৰাজ্যপালে পৰীক্ষাত হোৱা কেলেংকাৰী সন্দৰ্ভত বিচাৰৰ বাবে নিয়োজিত বিশেষ ৰাজহুৱা অধিবক্তা প্ৰদ্যুত কুমাৰ বৰাক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অপসাৰণ কৰিছে ।ইপিনে পল্লৱ কটকীক সহায়ৰ বাবে অধিবক্তা পংকজ প্ৰতীম দত্ত আৰু সৰ্ণুদ্ৰা গুপ্তা দত্তক অতিৰিক্ত ৰাজহুৱা অধিবক্তা হিচাপে নিয়োগ কৰিছে ।
উল্লেখ্য যে, অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০১৪ চনৰ পৰীক্ষাত সংঘটিত হোৱা অনিয়ম সম্পৰ্কত তদন্তৰ বাবে ৰাজ্য চৰকাৰ দুখন কমিটি গঠন কৰি দিছিল ।অধিবক্তা পল্লৱ কটকীক বিশেষ ৰাজহুৱা অধিবক্তা হিচাপে নিযুক্তি দি উক্ত কমিটি দুখনক ২০১২ চনত অনুষ্ঠিত হোৱা এ পি এছ চি পৰীক্ষাৰ তদন্তৰ প্ৰতিবেদনৰ ওপৰত ব্যৱস্থা গ্ৰহণৰো দায়িত্ব অৰ্পন কৰা হৈছিল । ২০১২ চনৰ এ পি এছ চিয়ে অনুষ্ঠিত কৰা পৰীক্ষা সম্পৰ্কত দাখিল কৰা প্ৰতিবেদন পৰ্যালোচনা কৰাৰ বাবে চৰকাৰে এখন পাঁচজনীয়া কমিটিও গঠন কৰি দিছিল ।২০১২ বৰ্ষৰ এ পি এছ চি পৰীক্ষাত হোৱা বেমেজালি সম্পৰ্কে ২০১৬ চনত পোহৰলৈ আহিছিল ।
Comments