Cartoon
View Older
গুৱাহাটী,৩ জুন:শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাৰ সৈতে দিল্লীত এক আলোচনাত মিলিত হ'ব।সন্ত্ৰাস জৰ্জৰিত অঞ্চলটোত এসপ্তাহৰ ভিতৰত আঠটাকৈ হত্যাকাণ্ড সংঘটিত হৈছে।বৃহস্পতিবাৰে কুলগাম অঞ্চলত এজন ৰাজস্থানৰ বেংক মেনেজাৰক কাৰ্যালয়তেই গুলীয়াইছিল হত্যা কৰা হৈছিল।
কেইঘণ্টামানৰ পিছত সন্ত্ৰাসবাদীয়ে পুনৰ দুজন শ্ৰমিকৰ ওপৰত গুলী চালনা কৰিছিল আৰু তাৰে এজন শ্ৰমিক থিতাতে নিহত হয়।ঘটনাটো নিশা প্ৰায় ৯:১০ বজাত চাদুৰা অঞ্চলৰ মাগ্ৰেপোৰাত সংঘটিত হৈছিল। আনহাতে মঙলবাৰে এগৰাকী হিন্দু স্কুল শিক্ষয়িত্ৰীকো একেটা অঞ্চলতে সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে। ইয়াৰ আগতে সন্ত্ৰাসবাদীয়ে যোৱা সপ্তাহত তিনিটা পৃথক আক্ৰমণত তিনিজন অফ-ডিউটিত থকা আৰক্ষী আৰু এগৰাকী টেলিভিছন অভিনেত্ৰীক গুলীয়াই হত্যা কৰিছিল।
Comments