গুৱাহাটী,৩ জুন:প্ৰয়াত বলীউডৰ জনপ্ৰিয় গায়ক কেকেৰ আকস্মিক প্ৰস্থানে তেওঁৰ অনুৰাগীসকলক বিহ্বল কৰি তুলিছে। লগতে বলীউড ক্ষেত্ৰখনো স্তম্ভিত হৈ পৰিছে। কোনেও বৰ্তমানলৈকে বিশ্বাস কৰিব পৰা নাই যে শেষ নিশ্বাসলৈকে গান গাই থকা কেকে এতিয়া এই পৃথিৱীত নাই। বলীউডৰ বিখ্যাত কৃষ্ণকুমাৰ কুন্নাথ অৰ্থাৎ কে.কে ৰ অন্তিম সংস্কাৰ শেহতীয়াকৈ মুম্বাইত সম্পন্ন কৰা হৈছিল।কেকেয়ে ছলমান খানৰ বাবে তেওঁৰ প্ৰথমটো বলীউড গীত গাইছিল,আনহাতে তেওঁৰ অন্তিম গানটোও ছলমানৰ বাবেই হ’ব।
কেকেয়ে ছলমান খান অভিনীত ছবি “হাম দিল দে চুকে চনম” ৰ ‘তড়প তড়প কে ইচ দিল সে” গানটোৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। গানটোত ছলমান খান আৰু ঐশ্বৰ্য ৰায় বচ্ছনে অভিনয় কৰিছিল। কেকে-ৰ কণ্ঠৰ অন্তিমটো গীত ছলমান খানৰ টাইগাৰ-৩ ত থাকিব। শেষবাৰৰ বাবে সেইখন চিনেমাত তেওঁৰ কণ্ঠৰে গীত শুনিবলৈ সুযোগ পাব অনুৰাগীয়ে। উল্লেখ্য যে, ৯০ ৰ দশকত, ’য়াৰো’ গীতটিত কণ্ঠদান কৰি কেকে নিজৰ বাবে এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল।তেওঁৰ গানৰ কেৰিয়াৰত, কে.কে.-য়ে কেৱল হিন্দীতে ২০০ ৰো অধিক গান গাইছে। ইয়াৰ উপৰিও, তেওঁ তামিল, তেলেগু, মালায়ালম, কানাড়া, মাৰাঠী, বঙালী আৰু গুজৰাটী ভাষাতো বহুতো গান গাইছে। কেৱল সেয়াই নহয়, তেওঁ বহুতো জিংগলত কণ্ঠ দান কৰিছে।
Comments