গুৱাহাটী,৩ জুন:পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে শুক্ৰবাৰে মুছাত উপস্থিত হৈ প্ৰসিদ্ধ গায়ক সিদ্ধু মোচেৱালাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে আপৰ বিধায়ক গুৰপ্ৰীত সিং বানাৱালীয়ে মুছা গাঁৱৰ জনসাধাৰণৰ প্ৰচণ্ড বিৰোধিতাৰ সন্মুখীন হ'ব লগা হৈছিল। গাওঁবাসীয়ে আপ চৰকাৰৰ বিৰুদ্ধে শ্ল'গান দিছিল। মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গাওঁখনত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে। গাওঁবাসীসকলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সমবেত হৈছে। তেওঁলোকে লগতে কয় যে নিৰাপত্তাৰ নামত তেওঁলোকৰ বাহনসমূহক গাওঁখনত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাই।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে মুচেৱালাৰ ঘৰত নেতাসকলে আহি ভিৰ কৰিছিল। কৃষক নেতা ৰাকেশ টিকাইটে পৰিয়ালটোক সাক্ষাৎ কৰাৰ লগতে আপ চৰকাৰৰ বিত্ত মন্ত্ৰী হৰপাল চিমা আৰু পঞ্চায়ত মন্ত্ৰী কুলদীপ সিং ধালিৱাল তেওঁৰ ঘৰত উপস্থিত হৈছিল আৰু তেওঁৰ দেউতাক বলকৌৰ সিঙক লগ কৰিছিল।
Comments