গুৱাহাটী, ৩ জুনঃ পকা চুলিৰ সমস্যাটো আজিকালি তেনেই সাধাৰণ হৈ পৰিছে। বেছিভাগ মানুহে ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ বিভিন্ন ধৰণৰ পৰামৰ্শ গ্ৰহণ কৰে। কিছুমান মানুহে ব্যয়বহুল সামগ্ৰী ব্যৱহাৰ কৰে আৰু আন কিছুমান লোকে চুলিৰ ৰং কৰে। এনে পৰিস্থিতিত, কিছুমান লোকে ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ চুলি উভালিবলৈ আৰম্ভ কৰে।
প্ৰকৃততে, যেতিয়া কিছুমান মানুহৰ চুলি পকিবলৈ লয়, তেওঁলোকে মুৰৰ পৰা উভালিবলৈ আৰম্ভ কৰে। যদি কোনোবাই এনে কাম কৰে তেন্তে এই সমস্যাৰ অন্ত পৰাৰ পৰিৱৰ্তে, ই বাঢ়িহে গৈ থাকিব।
পকা চুলি উভালি পেলোৱা অভ্যাসটো লোকসকলক বন্ধ কৰিব লাগে, কিয়নো এনে কৰাৰ ফলত চুলিৰ শিপাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে আৰু পকা চুলি উভালি পেলালে নতুন চুলি গজা বন্ধ কৰিব পাৰে।
ইয়াৰ বাহিৰেও, মানুহৰ চুলিৰ ঘনত্ব হ্ৰাস হয় আৰু চুলি পাতল হয়। অৰ্থাৎ, পকা চুলি উভালিলে সমস্যা ওলোটাই বাঢ়ি হে যায়।
• পকা চুলি প্ৰাকৃতিকভাৱে ক'লা কৰা সামগ্ৰীবোৰঃ
~ আমলা আৰু মেথিবীজ
~ ক'লা চাহ
~ কাঠবাদাম তেল আৰু নেমুৰ ৰস
~ হেনা আৰু কফি
~ নৰসিংহ পাত আৰু তেল
• চুলি পকাৰ মুখ্য কাৰণবোৰঃ
- বেয়া জীৱনশৈলী
- পানী সলনি হোৱা
- মানসিক চাপ
- চুলিত নতুন সামগ্রী ব্যৱহাৰ কৰা
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments