গুৱাহাটী,৩ জুন: মাতৃৰ পিছত কন্যা আক্ৰান্ত হ'ল ক'ভিডত ৷ কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষ ছোনিয়া গান্ধীৰ পিছতেই এইবাৰ কৰ'নাত আক্ৰান্ত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৷ শুকুৰবাৰে টুইটযোগে নেত্ৰীগৰাকীয়ে জনায় "কৰ'নাৰ সকলো প্ৰট'কল পালন কৰি মই নিজেই ঘৰতে আৱদ্ধ হৈ আছো ৷" যিসকল লোক শেহতীয়াকৈ তেওঁৰ সংস্পৰ্শলৈ আহিছিল সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে নেত্ৰীগৰাকীয়ে৷
বৃহস্পতিবাৰে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষ ছোনিয়া গান্ধীৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰে। ইয়াৰ পিছতে প্ৰিয়ংকা গান্ধী লক্ষ্ণৌৰ পৰা দিল্লীলৈ উভতি আহে ৷ জানিব পৰা মতে ছোনিয়া গান্ধীৰ সংস্পৰ্শলৈ আহিছিল প্ৰিয়ংকা গান্ধী ৷বুধবাৰৰ পৰা জ্বৰত ভূগিছিল ছোনিয়া গান্ধী ৷ বৃহস্পতিবাৰে নেত্ৰীগৰাকীৰ ক'ভিডৰ পৰীক্ষা কৰাৰ পিছতে তেওঁৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে ৷ দুই কংগ্ৰেছী নেত্ৰী তথা মাতৃ কন্যাৰ উপৰিও কংগ্ৰেছ দলৰ নেতা কে চি বেণুগোপালৰ দেহতো কৰ'ণাৰ অৱস্থিতি ধৰা পৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে টুইটযোগে ছোনিয়া গান্ধীৰ আশু আৰোগ্য কামনা কৰে ৷
Comments