গুৱাহাটী,৩ জুন:ডাইৰেক্টৰেইট অফ এনফৰ্চমেণ্ট (ইডি)য়ে পুনৰ নেশ্বনেল হেৰল্ড গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সোধা-পোছাৰ বাবে মাতি পঠিয়াইছে। তেওঁক ১৩ জুনত ইডিৰ কাৰ্য্যালয়লৈ আহিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পূৰ্বে ইডিয়ে ২ জুনত কংগ্ৰেছ নেতাজনক মাতি পঠিয়াইছিল। অৱশ্যে বিদেশত থকাৰ বাবে তেওঁ ইডিৰ সন্মুখত হাজিৰ হ'ব পৰা নাছিল।
ৰাহুল গান্ধীয়ে ১৯ মে'ত নিজৰ ব্যক্তিগত কামৰ বাবে বিদেশলৈ গৈছিল।তেওঁ ২০ ৰ পৰা ২৩ মে'ৰ ভিতৰত লণ্ডনত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল। তেতিয়াৰ পৰা তেওঁ ভাৰতলৈ উভতি অহা নাই।ৰাহুল গান্ধী ৫ জুনৰ ভিতৰত ঘৰলৈ উভতি আহিব বুলি আশা কৰা হৈছে। বিষয়টো সন্দৰ্ভত কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীকো এখন জাননী পত্ৰ জাৰি কৰা হৈছে। তেওঁক ৮ জুনত ইডিয়ে মাতি পঠিয়াইছিল।
ইডিৰ চমন সন্দৰ্ভত কংগ্ৰেছে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলেৰে কয়, "কংগ্ৰেছে ব্ৰিটিছ আৰু তেওঁলোকৰ অত্যাচাৰক ভয় কৰা নাছিল ইডিৰ জাননীবোৰে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ মনোবল কেনেকৈ ভাঙিব পাৰে?আমি জিকিম,আমি কাকো ভয় নকৰোঁ।"
Comments