Classifieds
View All
গুৱাহাটী,৩ জুন: বিবেক অগ্নিহোত্রী পৰিচালিত ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনক উত্তৰ প্রদেশসহ বহুটো ৰাজ্যত কৰমুক্ত কৰা হৈছিল। এইবাৰ অক্ষয় কুমাৰ অভিনীত ‘সম্রাট পৃথ্বীৰাজ’ক কৰমুক্ত ঘোষণা কৰিলে যোগী আদিত্যনাথৰ চৰকাৰে।
উল্লেখযোগ্য যে লক্ষ্ণৌত বিশেষ স্ক্রিনিঙৰ ব্যৱস্থা কৰিছিল অক্ষয় আৰু মানুষী চিল্লাৰে।শুকুৰবাৰে দেশজুৰি মুক্তি পোৱা এই চলচ্চিত্ৰখনৰ প্ৰসংশাত পঞ্চমূখ হৈ পৰে গৃহমন্ত্রী অমিত শ্বাহ আৰু যোগী আদিত্যনাথ।তাৰ পিছতেই ছবিখনক ৰাজ্যখনত কৰমুক্ত ঘোষণা কৰিছে যোগীৰ চৰকাৰে।
‘সম্রাট পৃথ্বীৰাজ’ চাই অভিভূত যোগী আদিত্যনাথে কয়, ‘অক্ষয় কুমাৰে এই ছবিখনত ভাৰতৰ ইতিহাস দাঙি ধৰিছে। তাৰ বাবে মই গোটেই দলটোকে অভিনন্দন জনাইছো।’
Comments