গুৱাহাটী, ৪ জুনঃ ১৯৯১ চনত চেইফ আলী খানে সিদ্ধান্ত লৈছিল যে তেওঁ এজন অভিনেতা হ'ব। তেওঁ প্ৰথম খন ছবি বেখুদীত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল৷ ৰাহুল ৰাৱালৰ এই ছবিখনে চেইফ আলী খানৰ কেৰিয়াৰ গঢ়ি তুলিব পাৰিলেহেঁতেন, কিন্তু তেতিয়া কোনেও গম নাপালে যে চেইফ আলী খান ছবিখনৰ পৰা কিয় বাহিৰ হ'ব লগা হ'ল।
অমৃতা সিং এই ছবিখনৰ অংশ নাছিল কিন্তু চৈফৰ সৈতে তেওঁৰ প্ৰথম সাক্ষাৎ এই চিনেমাখনৰ ছেটত হৈছিল। ইয়াৰ বাবে, ৰাহুল ৰাৱালে অমৃতাক ছবিখনৰ ফটোশ্বুটৰ বাবে বিশেষভাৱে আমন্ত্ৰণ জনাইছিল আৰু চেইফে অমৃতাক তাতে প্ৰথমে দেখিছিল তেতিয়াই তেওঁৰ ৰূপত মন্ত্ৰমুগ্ধ হৈ পৰিছিল।
ইয়াৰ পিছত, এনেকুৱা হৈ পৰিছিল যেন চেইফৰ জীৱনত আৰু একোৰে প্ৰয়োজন নাই। তেওঁ অমৃতাক বাৰে বাৰে লগ পোৱাৰ সুযোগ বিচাৰিবলৈ আৰম্ভ কৰিলে।
যিদিনা তেওঁলোকে প্ৰথম লগ পাইছিল, চেইফে একেদিনাই সন্ধিয়া অমৃতাক নৈশ ভোজনৰ বাবে আমন্ত্ৰণ জনাইছিল। চেইফে অমৃতাৰ সৈতে বাৰ্তালাপ কৰি তেওঁৰ মনটো বুজি উঠিছিল, সেয়েহে অমৃতাই ৰাতিৰ আহাৰলৈ ওলাই নগৈ চেইফক তেওঁৰ ঘৰলৈ মাতিছিল। তেওঁ অমৃতাৰ ঘৰতে দুদিন আছিল আৰু প্ৰথম চিনেমাখনৰ দৃশ্যগ্ৰহণত উপস্থিত হ'ব পৰা নাছিল।
বেখুদী চিনেমাখনৰ প্ৰথম ৰাউণ্ডৰ দৃশ্যগ্ৰহণ সেই সময়ত চলি আছিল। কিন্তু ছবিখনতকৈ চেইফৰ মনোযোগ অমৃতা সিঙৰ ওপৰত আছিল। তেওঁ অমৃতাৰ প্ৰেমত পৰিছিল। এনেদৰে চেইফৰ পেছাদাৰী জীৱনত বিৰূপ প্ৰভাৱ পৰিছিল আৰু প্ৰথম অনুসূচীৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হোৱাৰ লগে লগে ছেইফ আলী খানক ছবিখনৰ পৰা বাহিৰ কৰি দিয়া হৈছিল।
Comments