গুৱাহাটী, ৪ জুনঃ মিজোৰাম আৰক্ষীয়ে মামিত জিলাৰ লেংপুই বিমানবন্দৰত ড্ৰাগছ চোৰাং ব্যৱসায়ত জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে।
বাতৰি অনুসৰি, গ্ৰেপ্তাৰ কৰা মহিলাগৰাকী আইজলৰ বাওংকাৱন অঞ্চলৰ বাসিন্দা আৰু ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ (ডিআৰআই) বিচৰাধীন তালিকাত অন্তর্ভুক্ত হৈ আছে।
নিৰ্দিষ্ট তথ্যৰ ওপৰত অভিযান চলাই শুকুৰবাৰে কলিকতাৰ পৰা বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত আৰক্ষীৰ এটা দলে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
লগতে, মহিলাগৰাকীৰ বাসগৃহত অনুসন্ধান কৰাৰ পিছত, ৩,৯০০ কিলোগ্ৰাম পপী বীজ, বিদেশী চিগাৰেট আৰু প্ৰসাধন সামগ্ৰী উদ্ধাৰ কৰা হৈছে, যাৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১.৫ কোটি টকা হ'ব বুলি জানিব পৰা গৈছে।
বৰ্তমান, মহিলাগৰাকীক পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে আইজলৰ ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ হাতত গতাই দিয়া হয়।
Comments