গুৱাহাটী,৫ জুন:পিপিই কিটকেন্দ্ৰীক "যুঁজ"খন ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ চিছোদিয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মাজত । দুয়োৰে মাজত চলা "টুইট যুদ্ধ" খনে শণিবাৰে নিশা নতুন গতি লাভ কৰে । উল্লেখযোগ্য যে শণিবাৰে বিয়লি মণীষ চিছোদিয়াই দিল্লীত এখন সংবাদমেল আয়োজন কৰি অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নী ক'ভিডকালিন সময়ত পি পি ই কিট ক্ৰয় কেলেংকাৰীত জড়িত থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ।
টুইটযোগে ড৹ শৰ্মাই মণীষ চিছোদিয়াৰ বিৰুদ্ধে অতি শীঘ্ৰেই গুৱাহাটীৰ আদালতত ফৌজদাৰী গোচৰ তৰিব বুলিও স্পষ্ট কৰি দিয়ে।এই প্ৰসংগত কেইবাটাও টুইটযোগে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই দিল্লীৰ উপ-মুখ্যমন্ত্ৰী গৰাকীক তীক্ষ্ণ বাক্যবাণেৰে আক্ৰমণ কৰে । তেওঁ কয়-" মণীষভাই, আপুনি নিজকে 'দুৰ্নীতি বিৰোধী' আন্দোলনৰ নেতা বুলি দাবী কৰে ।
ক'ভিডৰ সময়ত যেতিয়া অসমৰ হাতত এটাও পি পি ই কিট নাছিল, অসম চৰকাৰে এটা পি পি ই কিটৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল, সেই সময়ত মোৰ পত্নীয়ে বহু কষ্ট আৰু চেষ্টাৰ বলত কিছু পি পি ই কিট যোগাৰ কৰি চৰকাৰক দিছিল আৰু সাধাৰণ লোকৰ জীৱন ৰক্ষা কৰিছিল । ইয়াৰ বিনিময়ত কোনোধৰণৰ ধনৰ লেনদেন হোৱা নাছিল । তেন্তে ইয়াত দুৰ্নীতিৰ প্ৰশ্ন আহিল কেনেকৈ?"কেৱল ইমানেই নহয়, আন এটা টুইটত ড৹ শৰ্মাই চিছোদিয়াক কয়- "ক'ভিডৰ সময়ত যেতিয়া অসমৰ মানুহৰ বাবে সহায় বিচাৰি মই আপোনাক টুইট কৰিছিলো তেতিয়া সৌজন্যতা ৰক্ষা কৰি হ'লেও আপুনি মোৰ সেই টুইটৰ উত্তৰ দিয়াৰ প্ৰয়োজনবোধ কৰা নাছিল।শীঘ্ৰে এই অপবাদৰ বাবে আইনী ব্যৱস্থা লম।"
Comments