গুৱাহাটী,৬ জুন:গ্ৰেণ্ড শ্লামৰ খিতাপ জয়ৰ ক্ষেত্ৰত একচত্ৰী সম্রাট বুলি পুনৰবাৰ প্ৰমাণ কৰিলে মহাতাৰকা ৰাফেল নাডালে। বছৰৰ প্ৰথমটো গ্ৰেণ্ডশ্লাম অষ্ট্ৰেলিয়ান অপেনৰ খিতাপ জয়েৰে সৰ্বাধিক গ্ৰেণ্ড শ্লাম জয়ৰ অভিলেখ গঢ়াৰ পিছত এইবাৰ চলিত বৰ্ষৰ দ্বিতীয়টো গ্ৰেণ্ডশ্লাম ফ্রেন্স অপেনতো বিজয়ধ্বজা উৰুৱাই আটাইতকৈ বর্ষীয়ান চেম্পিয়ন হিচাপে পৰিগণিত অন্য এক কীৰ্তিমানৰ গৰাকী হ'ল স্পেইনৰ তাৰকা গৰাকীয়ে।
স্পেনিছ তাৰকাগৰাকীয়ে প্ৰতিদ্বন্দ্বী নৰৱেৰ কেছপাৰ ৰুড়ক একপক্ষীয়ভাৱে পৰাস্ত কৰে। ২০০৫ চনত প্ৰথমবাৰৰ বাবে ফ্রেন্স অপেনৰ খিতাপ দখল কৰিছিল নাডালে।নাডালৰ একাডেমীত টেনিছৰ প্ৰশিক্ষণপ্রাপ্ত ২৩ বছৰীয়া ৰুড়ে অভিজ্ঞ তাৰকাগৰাকীৰ সন্মুখত ৬-৩, ৬-৩ ব্যৱধানত পৰাজয় স্বীকাৰ কৰে। ইয়াৰ লগে লগে প্ৰথমবাৰৰ বাবে গ্ৰেণ্ড শ্লাম জয়ৰ স্বপ্ন ভংগ হয় ৰুড়ৰ।
ৰেড গ্রেভেলৰ ৰজা হিচাপে খ্যাত নাডালে প্রথমটো ছেট ৬-৩ ব্যৱধানত জয়ী হয়। দ্বিতীয়টো ছেটত ৰুড়ে শক্তিশালী প্রত্যাহ্বান আগবঢ়াই মেচখনলৈ উভতি আহিব বুলি ভবা হৈছিল যদিও এই ছেটতো পৰাস্ত হৈ নাডালক ২২ সংখ্যক গ্রেণ্ড শ্লাম জয়ৰ পথটো মসৃণ কৰি দিয়ে।
ইফালে তৃতীয়টো ছেটত নাডালে ৰুড়ক এটাও ছেট জয়ী হ'বলৈ সুযোগেই প্ৰদান নকৰিলে। প্রথম দুয়োটা ছেট হেৰুৱাই মনোবল ভাঙি পৰা ৰুড় ৬-০ ব্যৱধানত তৃতীয়টো ছেটত পৰাজিত হয়। ইয়াৰ লগে লগে চতুৰ্দশবাৰৰ বাবে ফ্রেন্স অপেনৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় নাডালে।
Comments