গুৱাহাটী,৬ জুন:অহা ৯ জুনত হ'বলগীয়া অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত খালী হৈ থকা ৫ টা মন্ত্ৰীপদ পূৰণ নহয়। খালী মন্ত্ৰীপদৰ এটা অংশহে পূৰণ হ'ব। সেইদৰে এই মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সময়ত বৰ্তমানৰ কোনো মন্ত্ৰী বাদ নপৰে। অৱশ্যে দুই-এজনৰ দপ্তৰ সালসলনি হ'ব।এই কথা স্পষ্ট কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্রী ড° শৰ্মাই কাৰ্বি আংলঙত নির্বাচনী প্ৰচাৰৰ মাজতে সংবাদ মাধ্যমৰ আগত কয় যে বর্তমান অসম মন্ত্রীসভাত ৫ টা মন্ত্রীপদ খালী হৈ আছে। খালী হৈ থকা আটাইকেইটা মন্ত্রীপদ আসন্ন সম্প্ৰসাৰণত পূৰণ নহয়। তাৰ এটা অংশহে পূৰণ হ'ব। অহা ৮ জুনৰ গধূলি আসন্ন সম্প্ৰসাৰণৰ সময়ত কিমানটা মন্ত্ৰীপদ পূৰণ কৰিব, সেই বিষয়ে প্ৰকাশ কৰিব।
মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে এই সম্প্ৰসাৰণত এজনতকৈ বেছিও মন্ত্রীসভাত অন্তৰ্ভুক্ত হ'ব পাৰে বা এজনো মন্ত্রীসভাত অন্তৰ্ভুক্ত হ'ব পাৰে। মুঠতে এই সম্প্ৰসাৰণ এটা ক্ষুদ্র সম্প্ৰসাৰণহে হ'ব। অৱশ্যে পাহাৰীয়া জিলাৰ পৰা এজন প্রতিনিধিয়ে মন্ত্রীসভাত স্থান পাব। পাহাৰীয়া জিলা ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ পৰা ৫গৰাকী বিধায়ক আছে। যোৱা বিধানসভা নিৰ্বাচনত সেই ৫ টা সমষ্টিতে বিজেপি প্রার্থীয়ে জয়লাভ কৰিছে। মন্ত্রীসভা গঠনৰ সময়ত পাহাৰীয়া জিলাৰ পৰা যিহেতু এজনো মন্ত্রীসভাত অন্তৰ্ভুক্ত হোৱা নাই, সেয়ে এইবাৰ এজনক অন্তৰ্ভুক্ত কৰা হ'ব। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সম্পৰ্কত আজি গধূলি মুখ্যমন্ত্ৰী ড° শৰ্মা নতুন দিল্লীলৈ যাব বুলি জানিবলৈ দি কয় যে সেই দিনা তেওঁ নতুন দিল্লীলৈ গৈ বা দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে টেলিফোনযোগে যোগাযোগ কৰি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।
Comments