গুৱাহাটী,৬ জুন:এতিয়াৰে পৰা ৰে'ল মন্ত্ৰণালয়ে নিৰ্ধাৰিত কৰা হাৰতকৈ অধিক ব্যয়বস্তু কঢ়িয়ালে যাত্ৰীয়ে ভৰিব লাগিব মাচুল।বিনামূলীয়াকৈ অসীমিত হাৰত টোপোলা কঢ়িয়াব নোৱাৰিব যাত্ৰীয়ে।নতুন নিয়ম অনুসৰি এচি প্ৰথম শ্ৰেণীত যাত্ৰীয়ে কোনো মাচুল নভৰাকৈ ৭০ কিলোগ্ৰামৰ টোপোলা, এচি ২ টায়াৰৰ যাত্ৰীয়ে ৫০ কিলোগ্রাম, এচি ৩ টায়াৰ শ্লীপাৰ অথবা এচি চেয়াৰ কাৰৰ যাত্ৰীয়ে ৪০ কিলোগ্ৰামৰ টোপোলা বিনামাচুলে কঢ়িয়াব পাৰিব।
তেনেদৰে শ্লীপাৰ শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ লাগেজৰ সীমা ৪০ কিলোগ্রাম আৰু ২৫ কিলোগ্রাম। ইয়াৰ ওপৰত কোনো যাত্রীয়ে বয়বস্তুৰ টোপোলা কঢ়িয়ালে ন্যূনতম ৩০ টকা মাচুল ভৰিব লাগিব। মন কৰিবলগীয়া যে ভাৰতীয় ৰে'লৱেই বয়বস্তুৰ টোপোলা কঢ়িওৱা নতুন নিয়ম বিমান সেৱাৰ দৰেই বলৱৎ কৰিব। আনপিনে যাত্ৰীয়ে তেওঁৰ প্ৰয়োজনীয় কিম্বা কঢ়িওৱা লাগেজটো ৰে'লে যাত্ৰা আৰম্ভ কৰাৰ ৩০ মিনিট পূর্বে লাগেজ অফিচলৈ পঠিয়াব লাগিব। অৱশ্যে যাত্ৰীয়ে অনলাইন টিকট বুকিঙৰ সময়তেই লাগেজৰো তথ্যসহ বুকিং কৰিব পাৰিব।
Comments