আপোন ঠাইখন সঁচাকৈ আপোননে ?
- জয়ন্ত কুমাৰ পাঠক, আৰণ্যক
ইমেইল - [email protected]
আপোন ঘৰখন, আপোন পৰিয়ালটো, আমাৰ জন্ম ঠাইখনৰ প্ৰতি সদায়েই এক মোহ থাকে। আমাৰ পৰিয়ালৰ সদস্যৰ মাজতো থাকে এৰাব নোৱৰা সম্পৰ্ক, হৃদয়ৰ টান। আনকি ঘৰখনৰ পোহনীয়া জীৱ-জন্তু, গছ-বনকে ধৰি এখন্তেকৰ বাবে অহা এটা বনৰীয়া চৰাই, পখিলা বা জিঞা এটাৰ স’তেও অজানিতে গঢ় লৈ উঠে এক মধুৰ সম্পৰ্ক। ইমানেই নহয়, ঘৰখনৰ আচবাববোৰ, যি নিৰ্জীৱ, সেইবোৰেও আমাৰ বুকুৰ মাজত ক’ৰবাত নিগাজিকৈ বাহ সাজি লয়। বহুতেই নিজৰ কোঠা এৰি আন এঠাইত এৰাতি শুবলৈকে অসুবিধা পাওঁ। আঁৰৰ কাৰণ - সম্পৰ্ক বা আত্মিকতা, নিৰাপত্তা, স্বাধীনতা, সুখ আদিয়েই নহয় জানো ।
কেৱল ঘৰখনেই নহয়, আমাৰ নিজৰ ঠাইখনৰ স’তেও একেই বান্ধোনেৰে মেৰ খাই থাকো। নিজৰ ঠাইখন যিকোনো অৱস্থাতেই আমাৰ আপোন, লাগিলে এয়া বান অধ্যুষিত, খৰাংপীড়িত, পাহাৰীয়া, সমভূমি, নগৰ, চহৰ, গাঁও যিয়েই নহওক কিয়। আপোন ঠাইখনৰ পৰা আঁতৰি আহি আন এখন ঠাইত বসবাস কৰা কিমানৰ বাবে কিমান সহজ বাৰু ! নতুন ঠাইখন যিমানেই দূৰত্বত নহওক লাগিলে, আমি সদায় বাস কৰি অহা ঠাইখন, ঘৰখন এৰি যাবলৈ সাধাৰণতে মন নকৰো। ইচ্ছা বা প্ৰয়োজন থাকিলেও কিমানৰ বাৰু সামৰ্থ্য আছে ? যিসকলৰ আৰ্থিক সামৰ্থ্য আছে, তেওঁলোক নতুন ঠাই এখনৰ নতুন পৰিবেশ-পৰিস্থিতিৰ লগত মিলিব পাৰিবনে ? সেয়েহে আমি নিজৰ ঘৰ-পৰিয়ালৰ যতন লওঁ, ভৱিষ্যতত হ’ব পৰা বিপদ বা দুৰ্যোগৰ বাবে আগতীয়াকৈ সাজু হওঁ। এই একেই কাৰণতে একাংশ লোকে নিজ অঞ্চলটোৰ যতন লয় যাতে অঞ্চলবাসীয়ে অসুবিধাৰ সন্মুখীন হ’ব লগা নহয়।
মনকৰিবলগীয়া যে, পৰিয়ালৰ সদস্যৰ মাজত কিবা ভুল বুজাবুজি হ’লে কথা-বতৰাৰ মাজেৰে মীমাংসা কৰিব পৰা যায়। কিন্তু আমাৰ চৌপাশৰ পৰিবেশ যেনে মাটি, পানী, বায়ু, গছ-বন আদিৰ ক্ষতি কেৱল কথা-বতৰাৰে মীমাংসা বা সমাধান সম্ভৱ নহয়। ইয়াৰ বাবে হাতে-কামে কৰিব লাগিব। আমাৰ কিছুমান মৌলিক প্ৰয়োজন টকা, ক্ষমতা, প্ৰযুক্তি, ৰাজনীতিৰ উৰ্ধত। প্ৰকৃতি তেনে এক দূৰত্বতেই অৱস্থিত।
আমি বৌদ্ধিকভাৱে অক্ষম নেকি?
ঘৰত কুঁৱা, গভীৰ নলীনাদ, দমকলৰ গভীৰতা বঢ়াই গৈ থাকিব লগা হৈছে নেকি ? অসমত এতিয়া অপ্ৰত্যাশিতভাৱে খোৱাপানীৰ নাটনিয়ে দেখা দিছে। অথচ এতিয়াও জলাধাৰ, অৰণ্য আদি প্ৰাকৃতিক সম্পদসমূহ দ্ৰুতহাৰত বিনষ্ট কৰি থকা সকলোৱে দেখি আছে। বিপৰীতে অসমত খোৱাপানীৰ বাবেও আন্দোলন আৰম্ভ হৈছে। খোৱাপানীৰ বাবে আন্দোলন কৰা বা নকৰা বহুতেই অন্তঃকৰণে বিশ্বাস কৰে যে পানী পাইপৰ পৰা আহে বা কুঁৱা, দমকল, দীপ টিউৱৱেলৰ পৰা পায় । আচলতে পানী পাইপ, কুঁৱা, দমকল, দীপ টিউৱৱেলৰ পৰা পায় জানো ? নে পুখুৰী, বিল, নৈৰ পৰা পায় ? এইবোৰ লাগিবই। কিন্তু পানীৰ প্ৰাথমিক উৎস এইবোৰ হয়নে ? কথাবোৰ আমি কেতিয়ালৈ বুজিম ? বৰষুণৰ নিয়মীয়া প্ৰক্ৰিয়া আমাক লাগিবই, যাক আমি ব্যাহত কৰিছো। প্ৰাকৃতিক ভাৰসাম্য অটুট ৰখা, মানে হাবি-জংগল, পাহাৰ-পৰ্বত, বিল-নৈ আদি বিনষ্ট নকৰাকৈ ৰখা প্ৰয়োজন। প্ৰকৃতিয়ে বাৰে বাৰে সোঁৱৰাই থকাৰ পাছতো প্ৰকৃতিৰ ওপৰত ধ্বংসাত্মক কাৰ্যকলাপ আমি অব্যাহত ৰাখিছো। ক’ভিড-১৯ৰ দৰে মহামাৰীয়ে প্ৰায় দুবছৰ আধুনিক মানৱ সমাজক আৱদ্ধ কৰি ৰখা পাছতো প্ৰকৃতিৰ যতনত আমি পৰ্যাপ্ত গুৰুত্ব দিয়া নাই। ক’ভিড মহামাৰীৰ সময়ত মানুহৰ বাহিৰে আন কোন জীৱই লক-ডাউন দিছিল বাৰু! কোন জীৱৰ স্বাভাৱিক জীৱন-প্ৰণালী ব্যাহত হৈছিল মন কৰিবচোন। ইয়াৰ কাৰণবোৰো অন্ততঃ এবাৰ ভাবি চাব। হাফলঙৰ হৃদয় কঁপোৱা দুৰ্যোগৰ পাছতো সেই একেই ঠাইতে অপৰিকল্পিত, অবৈজ্ঞানিক উন্নয়নমূলক কাম চলাই থকা দেখা গৈছে! উন্নয়নৰ নামত নদীত মাটি পেলাই থকাৰ দৃশ্য এতিয়াও সুলভ।
জলাধাৰ (বিল, জলাশয়, নৈ আদি), গছ-বন, অৰণ্যক ক্ষতি নকৰাকৈ উন্নয়নমূলক কামৰ পৰিকল্পনা কৰিবলৈ, ৰূপায়ণ কৰিবলৈ বৌদ্ধিকভাৱে আমি অক্ষম নেকি ? বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব উন্নতিৰ (!) পাছতো বিল, নদী, পাহাৰ, গছ, বন্যপ্ৰাণীৰ সুৰক্ষা আৰু উন্নয়নমূলক কাৰ্যকলাপ সমান্তৰালভাৱে আগবঢ়াই নিবলৈ আমি এতিয়াও অপাৰগ কিয় ? ইমানবোৰ উচ্চ শিক্ষানুষ্ঠানৰ পাছতো এই কৌশল আমি আয়্ত্ব কৰিব পৰা নাই কিয় ? এই দিশত চিন্তা আৰু কাৰ্যকৰী পদক্ষেপ জৰুৰী। অন্যথা ক’ভিড, হাফলঙৰ দৰে পৰিস্থিতিৰ সঘনে মুখামুখী হ’ব লাগিব, হয়তো ইয়াতকৈ ভয়াৱহ ৰূপত।
হাজাৰ হাজাৰ বিল-খাল, শতাধিক নৈ-উপনৈ থকাৰ পাছতো আজি অসমত খোৱাপানীৰ বাবে ধৰ্ণা দিব লগা পৰিস্থিতি কিয় হৈছে ভাবি চাইছোনে ? নয়নাভিৰাম অসমত কিয় কেন্সাৰৰ দৰে ৰোগৰ প্ৰাদূৰ্ভাব বাঢ়িছে বিশ্লেষণ কৰিছোনে ? অসমৰ ঠাই বিশেষে কৃষকে কিয় মাটিৰ গুণাগুণৰ বাবে প্ৰব্ৰজন কৰিব লগা হৈছে চিন্তা কৰিছোনে? এইবোৰ দিশক অৱহেলা কৰা মানেই আমাৰ নিজৰ ঠাইখনৰ প্ৰতি দায়িত্ব, একাত্মবোধ নাই বুলিব লাগিব। আৰু ই পৰৱৰ্তী সময়ত নিজৰ ঠাইখন, ৰাজ্যখন বসবাসৰ অনুপযোগী কৰি তুলিব। তেতিয়া আমি কলৈ যাম ? কি কৰিম? আমাৰ ল’ৰা-ছোৱালীয়ে কি কৰিব? সেয়েহে আপোন ঘৰখনৰ দৰে, ঘৰৰ মৰমৰ পোহনীয়া জীৱ-জন্তুবোৰৰ দৰে, নিজৰ খেতি দৰাৰ দৰে, প্ৰকৃতিৰ সকলো উপাদানৰে যতন লোৱা দৰকাৰ ।
গছপুলি ৰোপণ, মিটিংয়েই শেষ কথা নহয়
পৰিবেশ দিৱসবোৰৰ এক সাৰ্বজনীন কাৰ্যকলাপ হ’ল গছপুলি ৰোপণ আৰু সজাগতা সভা। কিমান পুলি বাচিল, কিমান সজাগ হ’ল সেই প্ৰশ্ন বাদ দিলো। গছপুলি ৰোপণ আৰু মেল-মিটিংয়েই শেষ কথা নেকি ? নহয়। আমি নিজৰ আচৰণ, অভ্যাসৰ সংশোধন কিমান কৰিব কৰিব পাৰিছো, প্ৰকৃতিৰ অনুকূল নীতি-নিৰ্ধাৰণ আৰু ইয়াৰ সঠিক ৰূপায়ণ কিমান কৰিব পাৰিছো এইবোৰ দিশলৈ চকু দিবই লাগিব।
আনহাতে, কেৱল কণ কণ ল’ৰা-ছোৱালীক ভাল ভাল পৰামৰ্শ দিয়াটোৱেই মূল কথা বুলি ভবা ধাৰণাটোৰ পৰা আমি বহু আগতেই আঁতৰি আহিব লাগিছিল। ল’ৰা-ছোৱালীক পৰিবেশ-প্ৰকৃতিক ভালপোৱাৰ শিক্ষা বা অনুভৱ দিবই লাগিব। সেয়া তেওঁলোকে এনেও শিকিব যদিহে আমি প্ৰাপ্তবয়স্কসকলে সেই কামবোৰ কৰো। আমাক অনুসৰণ কৰিয়েই তেওঁলোকে সেয়া আয়ত্ব কৰিবলৈ সক্ষম। গতিকে প্ৰাধান্য দিব লাগে আমি নিজৰ কাম-কাজতহে।
আৰ্দ্ৰভূমি, নৈ-বিল, পাহাৰ, অৰণ্য নষ্ট কৰি ঘৰ, উদ্যোগ নিৰ্মাণ কৰা অভিভাৱকে, প্ৰতিষ্ঠানে ল’ৰা-ছোৱালীক সেইবোৰ সংৰক্ষণ কৰিব লাগে বুলি ক’লে কিমান কামত আহিব ভাবি চাবচোন। বিল-পুখুৰী, খেতি মাটিত অত্যধিক মাত্ৰাত ৰাসায়নিক সাৰ, কীটনাশক প্ৰয়োগ কৰাৰ দৰে মানুহ আৰু প্ৰকৃতি উভয়ৰে অত্যন্ত ক্ষতিকৰ কামবোৰ চকুৰ আগত দেখি থকা নতুন প্ৰজন্মক আমি কি স’তে প্ৰকৃতি সংৰক্ষণৰ কথা কও বাৰু! বিল, পাহাৰখন ধ্বংস কৰিলে হ’ব পৰা সম্ভাৱ্য বিপদৰ কথা প্ৰতিজন শিশুৱেই বুজে, কিন্তু সিদ্ধান্ত ল’ব পাৰে জানো ? তেওঁলোকৰ কথাত কিমানেইবা গুৰুত্ব দিম ? দেশৰ সংবিধানৰ নিৰ্দেশনাকে পালন কৰিব নিবিচৰা পুৰঠ মানসিকতাক শিশুসকলে সলনি কৰিবলৈ নোৱাৰে বুলি নকওঁ, কিন্তু সহজসাধ্য নহয়। গতিকে পৰিবেশ দিৱসবোৰৰ দৰে কাৰ্যসূচীত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা লোকসকলক প্ৰথম প্ৰাধান্য দিয়া উচিত।
ভালপোৱা, প্ৰয়োজনৰ বাহিৰে আন দিশো আছে, অৱহেলা নকৰিব
পৰিবেশ-প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ বাবে গছ ৰুবই লাগিব বুলি কথা নাই। উভালিবও লাগিব পাৰে। মই ভালপাওঁ বুলিয়েই যিকোনো উদ্ভিদ বা জীৱ প্ৰজাতি এটা আনি এখন ঠাইত ৰুব বা এৰি দিব নোৱাৰো। পৰাহেঁতেন পৃথিৱীৰ বা আমাৰ ৰাজ্যখনৰ সকলোতে একেই জীৱ থাকিলহেঁতেন। কোনাবা এজোপা বিশেষ উদ্ভিদ ভালপাওঁ বুলি সকলোতে তাকেই ৰুম সেয়া প্ৰকৃতিৰ নিয়মৰ পৰিপন্থী। সেয়েহে এজোপা উদ্ভিদ ৰোপণৰ আগত আবেগ পৰিহাৰ কৰি বিজ্ঞানসন্মত চিন্তাক প্ৰাধান্য দিয়া অতিকে জৰুৰী। ৰোপণ কৰাৰ আগত প্ৰথমে ঠাইখনৰ উদ্ভিদ-বৈচিত্ৰ্যৰ বিষয়ে জানি ল’ব লাগে। বয়স্কলোকসকলক সুধিলেও এখন ঠাইৰ প্ৰাকৃতিক উদ্ভিদৰ বৈচিত্ৰ্যৰ আভাস পাব। সেই অনুসৰিহে কি উদ্ভিদ ৰুব সিদ্ধান্ত ল’ব লাগে।
একেদৰে ইচ্ছা কৰিলেই নদীৰ জীৱ এটা পুখুৰীত মেলি দিয়া, নিজ ঠাইখনৰ লগত কোনো সম্পৰ্ক নথকা বহিৰাগত প্ৰজাতি লৈ অনা কামবোৰে সামগ্ৰিকভাৱে আমাক বিপদত পেলাব। এইবোৰ দিশ অৱহেলা কৰা মানে হাতৰ কুঠাৰ ভৰিত মৰাৰ লেখীয়া।
আচহুৱা লাগিলেও, এখন জংগলৰ পৰা আন এখন জংগললৈ একেযোৰ সাজ-জোতা, একেখন গাড়ী পৰিস্কাৰ বা পৰিশোধন নকৰাকৈ নিয়া অনুচিত। আনকি, এখন ঠাইৰ এটা জুৰিত নামি লগে লগে আন এটা জুৰি বা বিলত নামিব নালাগে। এইবোৰ কথাৰ লগত প্ৰকৃতিৰ প্ৰাকৃতিক চৰিত্ৰ অক্ষুণ্ণ ৰক্ষাৰ বহু গুৰুত্বপূৰ্ণ কথা জড়িত আছে। দিশবোৰ সুক্ষ্ম। আমি মন নিদিলেও প্ৰকৃতিয়ে এয়া পালন কৰিবই। সেয়েহে আহক, প্ৰকৃতিখন আৰু অলপ বুজিবলৈ, অনুভৱ কৰিবলৈ প্ৰয়াস কৰোঁ।
Comments