গুৱাহাটী, ৬ জুনঃ দেওবাৰে গুৱাহাটীৰ খানাপাৰাত ৰাজ্যৰ কৰ্মচাৰী সমাজৰ বাবে পুৰণি পেঞ্চন পুনঃপ্ৰতিষ্ঠাৰ মহা সংগ্ৰাম পি এছ প্ৰাপ্তিৰ পদযাত্ৰা আৰম্ভণি হয়। সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু ৰাজ্যিক মুখপাত্ৰ ড° জ্যোতিষ গোস্বামীৰ উপস্থিতিত সংস্থাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সাধাৰণ সভা ৫ জুন, ২০২২ তাৰিখে খানাপাৰাস্থিত পশুপালন ক্ষেত্ৰ সহায়ক সংস্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হয়।
উক্ত সভাত আজলী ভূঞাক পুনৰ সভানেত্রী হিচাপে নিৰ্বাচন কৰাৰ উপৰিও পৰাগ ডেকাক সম্পাদক হিচাপে লৈ ৩৫ জনীয়া এক সমিতি গঠন কৰা হয়। অসম সচিবালয়, বিভিন্ন মহাবিদ্যালয়, বিদ্যালয়, সঞ্চালকালয়, কাৰ্যালয়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাত আগত ১৫/৬/২২ তাৰিখে অৰ্ধদিনীয়া কৰ্মবিৰতি আৰু ধৰ্ণা কাৰ্যসূচী কামৰূপ মহানগৰ জিলাত ১০০% সফল কৰাৰ বাবে এক পৰিকল্পনা গ্ৰহণ কৰা হয়।
আগন্তুক কাৰ্যসূচী সমূহত কামৰূপ মহানগৰ জিলা সমিতিয়ে ২ জুলাই ২০২২ তাৰিখৰ পদযাত্ৰাত ৰাজ্যৰ এক লাখ বিষয়া-কৰ্মচাৰী-শিক্ষকক আদৰণি জনাবলৈ প্ৰস্তুত হৈছে বুলি সভানেত্রী আজলি ভূঞা, নব নিৰ্বাচিত সম্পাদক পৰাগ ডেকা আৰু ৰাজ্যিক সাংগঠনিক সম্পাদক দিলীপ দাসে উক্ত সভাত প্ৰকাশ কৰে।
লগতে, উক্ত সভাত সংস্থাৰ ৰাজ্যিক মুখপাত্ৰ ড. জ্যোতিষ গোস্বামীয়ে কয় যে, "কামৰূপ মহানগৰ জিলা সমিতিয়ে ৰাজ্যৰ কৰ্মচাৰী সমাজৰ বাবে ও পি এছ (Old Pension Scheme) প্ৰাপ্তিৰ সংগ্ৰামত নেতৃত্ব দিব আৰু ও পি এছ পুন: প্ৰতিষ্ঠা নোহোৱালৈকে আমি সংগ্ৰাম তীব্ৰৰ পৰা তীব্ৰতৰ কৰি লৈ যাবলৈ প্ৰস্তুত।
চৰকাৰী কৰ্মচাৰী সমাজৰ প্ৰতি দ্বায়বদ্ধতা স্পষ্টত প্ৰকাশ কৰি ৰাজ্যত ও পি এছ ৰ যোগেদি কৰ্মচাৰী সমাজক অৰ্থনৈতিক স্বাৱলম্বী প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব।"
Comments