গুৱাহাটী,৬ জুন:নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখন টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত দর্শনীয় বিজয় সাব্যস্ত কৰে ইংলেণ্ডে। লৰ্ডছত অনুষ্ঠিত টেষ্টখনত চতুর্থ দিনাই ঘৰুৱা দলটোৱে ৫ উইকেটত বিধ্বস্ত কৰে কিৱি বাহিনীক। ইংলেণ্ডৰ বাবে এই জয়ৰ নায়ক আছিল প্ৰাক্তন অধিনায়ক জ' ৰুট। দ্বিতীয় ইনিংছত ৰুটে অপৰাজিত ১১৫ ৰাণ সংগ্ৰহ কৰে।
ৰুটৰ কেৰিয়াৰৰ এয়া ২৬ সংখ্যক শতৰাণ। লগতে এই শতকৰ যোগেদি স্বৰ্ণিল কেৰিয়াৰত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰে। ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক এলিয়েষ্টাৰ কুকৰ পিছত টেষ্টত ১০ হাজাৰ ৰান সংগ্ৰহ কৰা দ্বিতীয়জন ইংলিছ বেট্ছমেন হিচাপে পৰিগণিত হয় ৰুট।সমান্তৰালভাৱে তেওঁ বিশ্বৰ ১৪ সংখ্যক বেট্ছমেন হিচাপেও কৃতিত্ব অর্জন কৰে।
ইয়াৰ পূৰ্বে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰা নিউজিলেণ্ডে ১৩২ ৰান সংগ্ৰহ কৰে। আলহী দলটোৰ হৈ কলিন ডি গ্ৰেণ্ডহোমে ৪২ ৰান সংগ্ৰহ কৰাৰ পৰিৱৰ্তে টীম ছাউদীয়ে ২৬ ৰানৰ বৰঙনি আগবঢ়ায় বাকী বেট্ছমেনসকলে ২০ ৰানৰ দেওনা অতিক্ৰম কৰাত ব্যর্থ হয়। ইংলেণ্ডৰ হৈ প্ৰথম ইনিংছত টেষ্টলৈ প্রত্যাৱৰ্তন ঘটা জেম্ছ এণ্ডাৰছন আৰু অভিষেক মেচ খেলা মেট্টী পটছে চাৰিটাকৈ উইকেট দখল কৰে৷
ইফালে ১৩২ ৰানৰ প্ৰত্যুত্তৰত প্ৰথম ইনিংছত ইংলিছ দলটোৱে প্ৰথম উইকেটৰ যুটিত ৫৯ ৰানৰ অংশীদাৰিত্ব কৰিও ১৪২ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়। য'ত ঘৰুৱা দলটোৱে মাত্ৰ ৯ ৰাণৰহে অগ্রগতি লাভ কৰে। নিউজিলেণ্ডৰ হৈ টীম ছাউদীয়ে চাৰি উইকেট আৰু ট্ৰেণ্ট ব’ল্টে তিনি উইকেট দখল কৰে। ইয়াৰ পিছতে দ্বিতীয় ইনিংছ আৰম্ভ কৰা কিৱি বাহিনীয়ে ৫৬ ৰানতে চাৰিটাকৈ উইকেট হেৰুৱাই বিপর্যয়ৰ সন্মুখীন হৈছিল যদিও ডেৰিল মিচেল আৰু টম ব্লাণ্ডেলে ১৯৬ ৰানৰ অংশীদাৰিত্ব কৰি দলটোক শক্তিশালী স্থিতিত উপনীত কৰে।
মিচেলে ১০৮ ৰান সংগ্ৰহ কৰাৰ পৰিৱৰ্তে ব্লাণ্ডেলে ৯৬ ৰানৰ বৰঙনি আগবঢ়ায়। কিন্তু পুনৰবাৰ বাকী বেট্ছমেনসকল বিফল হয়। ইংলেণ্ডৰ হৈ ব্ৰড আৰু পটছে তিনিটাকৈ উইকেট দখল কৰে।
আনহাতে, এণ্ডাৰছনে দুটা উইকেট লাভ কৰে। জ' ৰুটে অনবদ্য শতকেৰে ইংলেণ্ডৰ ৫ উইকেটৰ জয়ত উল্লেখনীয় ভূমিকা গ্রহণ কৰাৰ বাবে মেন অৱ দ্য মেচৰ খিতাপ লাভ কৰে। উল্লেখ্য যে এছেজত মুখথেকেচাৰ পিছতে ৱেষ্ট ইণ্ডিজৰ হাততো বিধ্বস্ত হৈ সমালোচিত হোৱা ইংলিছ দলটোৱে এই জয়েৰে ফৰ্মলৈ উভতি অহাৰ ইংগিত প্ৰদান কৰিছে।
Comments