গুৱাহাটী,৬ জুন: কাইলৈ ঘোষণা কৰা হ'ব বহু প্ৰত্যাশিত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল।১৪ টাকৈ ৱেবছাইটত লাভ কৰিব মেট্ৰিকৰ ফলাফল।৭ জুনৰ পুৱা ১০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে ডাউনল'ড কৰিব পাৰিব নম্বৰৰ তালিকা।
এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ৪১৯৮৮৭ গৰাকী।ইয়াৰ ১ লাখ ৯৫ হাজাৰ ১৮১ গৰাকী ছাত্ৰ আৰু ২ লাখ ২৪ হাজাৰ ৭০৬ গৰাকী ছাত্ৰী।ছাত্ৰ-ছাত্ৰী সকলে ১৪টাকৈ ৱেবছাইটত মেট্ৰিকৰ ফলাফল লাভ কৰিব পৰিব।ছেবাই মুকলি কৰিছে ১৪ টাকৈ ৱেবছাইট।সেই অনুসৰি ছেবাই নিৰ্দিষ্ট কৰা ৱেবছাইটকেইটা হৈছেঃ results.sebaonline.org, resultsassam.nic.in, www.examresults.net, www.examresults.net/assam/, www.indiaresults.com, exametc.com,iresults.net, yesresult.com, www.result.shiksha, www.assam.shiksha, www.assamonline.in, assamjobalerts.com, assamresult.in আৰু SEBA - Mobile App।
Comments