জগদদুৱাৰ ৬ জুন: শ্ৰমিক সকলৰ বাবে শ্ৰমিক কাৰ্ড প্ৰস্তুত কৰি দিয়াৰ নামত একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে টীয়কৰ মধ্য যোৰহাট গাঁও পঞ্চায়তৰ বহু মহিলাই। কটিকুছীয়া মধ্য ইংৰাজী বিদ্যালয়ত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কনক চন্দ্ৰ নেওগৰ সভাপতিত্বত অনুষ্ঠিত এখন ৰাজহুৱা সভাত একাংশ মহিলাই পঞ্চায়ত সদস্য গৰাকীৰ সন্মুখত উত্থাপন কৰে এই গুৰুতৰ অভিযোগ ।
মহিলা সকলে অভিযোগ কৰে প্ৰায় পাঁচ মাহৰ পূৰ্ৱে পঞ্চায়ত সদস্য গৰাকীয়ে প্ৰতি জন শ্ৰমিকৰ পৰা শ্ৰমিক কাৰ্ড প্ৰস্তুত কৰি দিয়াৰ বাবদ ডেৰশ টকাকৈ সংগ্ৰহ কৰে যদিও আজি পৰ্যন্ত ধন দিও শ্ৰমিক কাৰ্ড লাভ নকৰিলে ।
সভাত উপস্থিত থকা পঞ্চায়ত সদস্যা গৰকীয়ে অৱগত কৰে যে দৰিদ্ৰ সকলৰ সুবিধা হোৱাকৈ তেওঁ শ্ৰমিক কাৰ্ড সমূহ প্ৰস্তুত কৰি দিবৰ বাবে জাতীয় সংগঠন এটাৰ কলিতা উপাধিৰ এজন নেতাৰ পৃষ্ঠপোষকতাত এজন যুৱকক দায়িত্ব দিছিল যদিও যুৱকজনে কি কাৰণত শ্ৰমিক কাৰ্ড সমূহ প্ৰস্তুত কৰি দিয়া নাই তেওঁ অৱগত নহয় বুলি জানিবলৈ দিয়ে ।
উল্লেখযোগ্য যে যি সময়ত শ্ৰমিক কাৰ্ড প্ৰস্তুত কৰা সমগ্ৰ প্ৰক্ৰিয়াটো বিনামূলীয়া যদিও ব্যৱসায় প্ৰতিষ্ঠান একাংশই নুন্যতম ধন লৈ এই প্ৰক্ৰিয়া সম্পাদন কৰি আহিছে তেনে স্থলত জাতীয় সংগঠন এটাৰ নেতৃত্বত শ্ৰমিক কাৰ্ড প্ৰস্তুত কৰাৰ নামত হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
লক্ষনীয় এই যে অঞ্চলটোৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই সভাত দৰিদ্ৰ লোকৰ বাবে আবন্টিত আঁচনি সমূহৰ পৰা যোগ্যজন বঞ্চিত হৈ থকাৰ ক্ষোভ উজাৰে উপস্থিত ৰাইজে ।
Comments