গুৱাহাটী, ১৪ ফেব্ৰুৱাৰীঃ ভাগ্যই কেতিয়া কাৰ পৰিস্থিতি সলাই পেলাই কোনেও ক'ব নোৱাৰে। ঠিক তেনেদৰে ইংলেণ্ডত বাস কৰা এজন স্বামী আৰু পত্নীৰ সৈতেও একেধৰণৰ ঘটনা ঘটিছে। স্বামীয়ে বহু বছৰ ধৰি লটাৰী টিকট কিনি আহিছে, কিন্তু গোটেই জীৱনত লটাৰীৰ পৰা এটা টকা অথবা এটি সাধাৰণ বস্তুও জিকিব পৰা নাই। একে সময়তে, পত্নীয়ে প্ৰথমবাৰৰ বাবে লটাৰী টিকট ক্ৰয় কৰিয়ে ৩৫ কোটি মূল্যৰ এটা বাসগৃহ জিকিবলৈ সক্ষম হৈছে।
বাতৰি অনুসৰি, বেন নামৰ এজন ব্যক্তিয়ে বছৰ ধৰি ওমেজৰ লটাৰী কিনি আহিছে। যদিও এইবাৰ তেওঁ লটাৰী কিনিবলৈ পাহৰি গৈছে। ইয়াৰ পিছত তেওঁৰ ৩২ বছৰীয়া পত্নী বেক্কাই হঠাতে মনত পেলাই দিয়ে যে এইবাৰ তেওঁৰ স্বামীয়ে অমেগাৰ লটাৰী ক্ৰয় কৰা নাই। ইয়াৰ পিছত পত্নী বেকা পটে তেওঁৰ স্বামীক নজনোৱাকৈ ১০০০ টকাৰ লটাৰী কিনি আনে। এই টিকটটোৱে স্বামী আৰু পত্নী দুয়োৰে ভাগ্য সলাই পেলায়।
পত্নীয়ে এই বিষয়ত কৈছে যে, "মাত্ৰ ১,০০০ টকাৰ লটাৰীয়ে আমাক ২-বি এইচ কে ফ্লেটৰ পৰা পোনপটীয়াকৈ ৩৫ কোটি টকাৰ এটা বিলাসী বাসগৃহত স্থানান্তৰিত কৰিছে আৰু কিছুসময়ৰ ভিতৰতে আমি সেই বাসগৃহটোৰ গৰাকী হৈছোঁ। মই অলপতে এটি সন্তান জন্ম দিছোঁ। ইয়াৰ বাবে মই নিজৰ কামৰ পৰা ছুটি লৈ আছোঁ। মোৰ স্বামীয়ে প্ৰতিবাৰেই ওমেজ লটাৰী কিনি আহিছে। অৱশ্যে, এইবাৰ কামৰ ব্যস্ততাৰ বাবে তেওঁ টিকটটো কিনিবলৈ পাহৰি গৈছে। তাৰ পিছত মই এদিন ঘৰতে আছিলো, হঠাতে টিভিত ওমেজ মিলিয়ন পাউণ্ড হাউচ ড্ৰ'ৰ বিজ্ঞাপন দেখোঁ। ইয়াৰ পিছত, মই লগে লগে সেই টিকটটো অনলাইনত ক্ৰয় কৰিলোঁ। মই মোৰ স্বামীক এই বিষয়ে অৱগত কৰা নাছিলো। অৱশ্যে, যেতিয়া লটাৰীৰ ফলাফল ঘোষণা কৰা হয় আৰু মোৰ নম্বৰটো দেখিবলৈ পাওঁ, মই উৎফুল্লিত হৈ পৰিলো। ইয়াৰ পিছত স্বামী আৰু মই আনন্দত আত্মহাৰা হৈ পৰিলো। আমি ৩৫ কোটি টকাৰ এটা বিলাসী বাসগৃহ জিকিছোঁ। এই বাসগৃহটোত সকলো সুবিধা আছে। এতিয়া আমাৰ সন্তানটিৰ ভৱিষ্যত উজ্জ্বল হ'ব।"
Comments