গুৱাহাটী,১৩ ফেব্ৰুৱাৰী:শ্বাৰ্ক টেংক ইণ্ডিয়া হৈছে এক আমেৰিকান ৰিয়েলিটি শ্ব' আধাৰিত আত্মনিৰ্ভৰশীল যুৱক যুৱতীৰ কৰ্মক নতুন উচ্চতা দিয়াৰ এক ৰিয়েলিটি শ্ব’। যি ২০০৯ চনৰ পৰা ১৩ টা চিজনৰে আমেৰিকাত সফলতাৰে চলি আছে।এই শ্ব'ৰ এজন বিচাৰক তথা লেঞ্চকাৰ্টৰ চি ই অ’ পেয়ুষ বাঞ্চালে কৈছিল যে তেওঁ এই অনুষ্ঠানটোৰ এজন ডাঙৰ অনুৰাগী আৰু ইয়াক আৰম্ভণিৰ পৰা শেষলৈকে একাধিকবাৰ চাইছিল।
তেওঁলোকৰ নতুন শ্ব'ৰ প্ৰমোচন কৰাৰ বাবে দ্য কপিল শৰ্মা শ্ব'ত প্ৰত্যেকজন শ্বার্কে আহি নিজৰ জীৱনৰ কষ্ট আৰু সম্ভাৱনাৰ কথা কৈছিল। শ্ব' শেষ হোৱাৰ পিছত এই নতুন অভিজ্ঞতাৰ বিষয়ে সোধাত পেয়ুষে কয়, "মই ভাবিছিলোঁ কপিল আৰু আগৰ দৰে ৰসাল হৈ থকা নাই। ছেটত ইমান ঠাণ্ডা আছিল, তাতে আকৌ কপিলে আমাক হহুৱাবলৈ ধৰিলে। মই হাঁহি হাঁহি শেষত ভাগৰি পৰিছিলো। তেওঁ আমাক তিনি ঘণ্টা মান অবিৰাম হহুৱাইছিল। অনুষ্ঠানটো বৰ হাঁহি উঠা আছিল।"
শ্বাৰ্ক টেংক ইণ্ডিয়াৰ প্ৰথম ছিজন যোৱা সপ্তাহত সমাপ্ত হৈছিল, আৰু শনিবাৰে আন কেইবাটাও চাৰ্ক: অনুপম মিত্তল, বিনীতা সিং, নমিতা থাপাৰ আৰু অমন গুপ্তাৰ সৈতে এক বিশেষ পুনৰ্মিলন খণ্ড সম্প্ৰচাৰিত কৰা হ'ব।
Comments