গুৱাহাটী,১৪ ফেব্ৰুৱাৰী:ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ নিলাম প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে।বিগত ১২-১৩ ফেব্ৰুৱাৰীত বেংগালুৰুত আৰম্ভ হৈছিল আইপিএলৰ মেগা নিলাম। নিলামৰ সময়ত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ টেবুলত উপস্হিত আছিল এগৰাকী বিশেষ নাৰী।তেওঁ অইন কোনো নহয় দলটোৰ মুখ্য কাৰ্যবাহী বিষয়া কাব্যা মৰাণ।নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত লিঅনাৰ্ড এন ষ্টাৰ্ণ স্কুল অফ বিজনেছৰ পৰা এমবিএ ডিগ্ৰীধাৰী কাব্যা এগৰাকী ক্ৰিকেট প্ৰেমী। এম.বি.এ. কৰাৰ পিছত কাব্যা মৰাণে দলটোৰ সৈতে কাম কৰিবলৈ ছানৰাইজাৰ্ছ হায়দৰাবাদত যোগদান কৰে।
চেন্নাইৰ ষ্টেলা মেৰিছ কলেজৰ পৰা বি কম ডিগ্ৰী লাভ কৰা কাব্যাক কেৱল নিলামৰ সময়তেই নহয়, আই পি এলৰ প্ৰত্যেকখন খেলৰ সময়তো ষ্টেডিয়ামত দেখা যায়। পঢ়া শেষ কৰাৰ পিছত কাব্যাই তাইৰ দেউতাক কলানিধি মৰাণৰ ব্যৱসায়ত যোগদান কৰিছিল। কলানিথি মৰাণ হৈছে দক্ষিণ ভাৰতৰ সৰ্ববৃহৎ টিভি নেটৱৰ্ক চান টিভিৰ গৰাকী।এই নেটৱৰ্কত ৩২ টা চেনেল আৰু ২৪ টা এফএম ৰেডিঅ' ষ্টেচন আছে।
কলানিথি মৰাণৰ পত্নী কাবেৰী মৰাণো ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে জড়িত। তেওঁ দেশৰ সৰ্বাধিক বেতন প্ৰাপ্ত মহিলা ব্যৱসায়ীসকলৰ মাজৰ এগৰাকী। দেউতাকৰ বছ হোৱা স্বত্বেও কাব্যাই তেওঁৰ ব্যৱসায়ত পোনপটীয়াকৈ জড়িত হোৱা নাছিল। পঢ়া শেষ কৰাৰ পিছত তেওঁ চান টিভি নেটৱৰ্কত তেওঁৰ প্ৰথম ইন্টাৰ্ণশ্বিপ সম্পূৰ্ণ কৰিছিল।
Comments