গুৱাহাটী,১৪ ফেব্ৰুৱাৰী:কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ ফৰ্চ বাহিনীয়ে সোমবাৰে জম্মু-কাশ্মীৰৰ লেথপোৰাৰ যুদ্ধ স্মাৰকত ২০১৯ ৰ পুলৱামা আক্ৰমণত প্ৰাণ হেৰুওৱা সহকৰ্মী সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়।সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি চিআৰপিএফ অতিৰিক্ত সঞ্চালক প্ৰধান (এডিজি) দলজিৎ সিং চৌধুৰীয়ে কয়, "২০১৯ চনত পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৪০ জন চিআৰপিএফ জোৱানে প্ৰাণ হেৰুৱাইছিল,যি কথা আমাৰ এতিয়াও মনত আছে। বৰ্তমান আমি এই অঞ্চলটোৰ শান্তি আৰু সম্প্ৰীতি ৰক্ষাৰ বাবে বদ্ধপৰিপক্ক।"
১৪ ফেব্ৰুৱাৰী, ২০১৯ চনত জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ চিআৰপিএফৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত ৪০ জন কৰ্মচাৰীৰ যুদ্ধনিহত হয়।এজন আত্মঘাতি বোমাৰুৱে বিস্ফোৰক ভৰ্তি বাহনৰ সৈতে আহি কনভয়ত খুন্দা মাৰিছিল। এই বাহনবোৰত জম্মুৰ পৰা শ্ৰীনগৰলৈ প্ৰায় ২,৫০০ কৰ্মচাৰী ভ্ৰমণ কৰি আহি আছিল। আক্ৰমণৰ কেইদিনমান পিছত, ভাৰতীয় বায়ু সেনাই ২৬ ফেব্ৰুৱাৰীত পাকিস্তানৰ বালাকোটৰ জেম সন্ত্ৰাসবাদী শিবিৰত একাধিক আক্ৰমণ চলাইছিল।
Comments