গুৱাহাটী,১৪ ফেব্ৰুৱাৰী: কাইলৈৰ পৰা ৰাজ্যত ইমান দিনৰে পৰা চলি অহা কোনোধৰনৰ ক'ভিড বিধি, নিষেধাজ্ঞা নাথাকিব । ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে এই নতুন নিৰ্দেশনা।দীৰ্ঘদিন ধৰি যিকোনো ৰোগত আক্ৰান্ত ৰোগী হাস্পতাললৈ চিকিৎসা গ্ৰহণৰ বাবে গ’লে অথবা হাস্পতালত ভৰ্তি হ’বলগীয়া হ'লে ৰোগীজনৰ ক'ভিড পৰীক্ষা বাধ্যতামূলক আছিল যদিও মঙলবাৰৰ পৰা সেই নিয়ম নাথাকিব । চৰকাৰে সেই ব্যৱস্থা প্ৰত্যাহাৰ কৰিছে ৷
একেদৰে বিমান বন্দৰ, ৰে’লৱে ষ্টেচন অথবা সীমামূৰীয়া অঞ্চলত যাত্ৰীসকলৰ ক'ভিড পৰীক্ষা কৰাটোও আছিল বাধ্যতামূলক ৷ কিন্তু কাইলৈৰ পৰা প্ৰত্যাহাৰ হ’ব সেই ব্যৱস্থাও । ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোয়েলে আজি জাৰি কৰা উক্ত নিৰ্দেশটোত কোৱা হয় যে, ইতিমধ্যে যিহেতু সমগ্ৰ দেশৰ লগতে অসমতো ক'ভিড সংক্ৰমণৰ সংখ্যা হ্ৰাস পাইছে সেয়েহে ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড সম্বন্ধীয় বিধিসমূহ শিথিল কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে ।
Comments