গুৱাহাটী,১৪ ফেব্ৰুৱাৰী:ৰাজ্যসভাৰ দুখন আসনৰ বাবে হ’ব লগীয়া নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিলে বিটিচিৰ চীফ প্ৰমোদ বড়োয়ে। ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োয়ে দাবী কৰিলে ৰাজ্যসভাৰ এখন আসন । মিত্ৰজোঁটৰ ধৰ্ম অনুসৰিয়েই ইউপিপিএলে ৰাজ্যসভাৰ এখন আসন পাব লাগে বুলি মন্তব্য কৰিলে প্ৰমোদ বড়োয়ে ।
মিত্ৰজোঁটৰ ধৰ্ম অনুসৰি ৰাজ্যসভাৰ এখন আসন দাবী কৰিলে প্ৰমোদ বড়োয়ে আজি পুৱাই, সৰ্থেবাৰীৰ নসত্ৰস্থিত কৃষ্ণ গুৰু সেৱাশ্ৰমত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰিলে ইউপিপিএলৰ মুৰব্বী প্ৰমোড বড়োয়ে । সোমবাৰে পুৱাই নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈছিল বিটিচি চীফ প্ৰমোদ বড়ো । উল্লেখ্য যে, নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত চলি আছে অখণ্ড এক নাম কীৰ্ত্তন ।
দেওবাৰে এই অনুষ্ঠানত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈছিল ৷ইয়াৰ পিছতে, সোমবাৰে পুৱাই কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈ আধ্যাত্মিক গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভূক সাক্ষাৎ কৰে প্ৰমোড বড়োয়ে ।আধ্যাত্মিক গুৰু গৰাকীক সাক্ষাৎ কৰি প্ৰমোদ বড়োয়ে কলে, আধ্যাত্মিক চিন্তাৰে সমাজ গঢ়িলে জীৱনটো শান্তিৰে পাৰ কৰিব পাৰি । আনহাতে হাগ্ৰামা মহিলাৰী সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি প্ৰমোদ বড়োয়ে কয়, হাগ্ৰামা মহিলাৰীৰ পৰিয়ালৰো শান্তি হওঁক ।
Comments