Cartoon
View Older
গুৱাহাটী,১৬ ফেব্ৰুৱাৰী:মাজুলী উপ নিৰ্বাচন বাবে আজি মনোনয়ন পত্ৰ দাখিল কৰিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী ভুবন গামৰ মনোনয়ন দাখিলক লৈ এতিয়া মাজুলীত বিৰাজ কৰিছে উখল মাখল পৰিবেশে ৷
ইফালে মাজুলী নিৰ্বাচনত অসমৰ বিচক্ষণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মনত দুখ পোৱা কাম কৰিছে অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছে। লখিমপুৰত সাংবাদিকৰ আগত মনৰ দুখৰ কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৷ তেওঁ কয়,"আঠশ শ্বহীদৰ কথা কোৱাসকলে কংগ্ৰেছৰ লগত উঠা বহা কৰিলে মনত কষ্ট পাওঁ।মিত্ৰতাৰ বিধি অনুসৰি ৰাজ্যসভাত অগপ আৰু ইউ পি পি এল দলক এখনকৈ আসন দিয়া হ'ব। অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ৰাজ্যসভাৰ সাংসদ হৈ থকাৰ বাবে ইউ পি পি এলক ৰাজ্যসভাৰ এখন আসন দিয়া হ’ব ।"
Comments