Cartoon
View Older
গুৱাহাটী,১৬ ফেব্ৰুৱাৰী: তেলেংগানা কংগ্ৰেছৰ মুৰব্বী এ ৰেৱন্ত ৰেড্ডীৰ অভিযোগৰ ভিত্তিত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰা মানহানিকৰ মন্তব্যৰ বাবে হায়দৰাবাদত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।
এজাহাৰখন জুবিলি হিলছ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০৪ (শান্তি ভংগৰ উদ্দেশ্যৰে কৰা ইচ্ছাকৃত অপমান) আৰু ৫০৫(২)ৰ অধীনত পঞ্জীয়ন কৰা হৈছিল।
১১ ফেব্ৰুৱাৰীত নিৰ্বাচনমুখী উত্তৰাখণ্ডত অনুষ্ঠিত এক ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী শৰ্মাই ২০১৬ চনৰ ছেপ্টেম্বৰ মাহৰ ছাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ দাবী কৰাৰ বাবে ৰাহুল গান্ধীক সমালোচনা কৰিছিল আৰু সুধিছিল যে বিজেপিয়ে কেতিয়াবা তেওঁক প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ পুত্ৰ হয়নে নহয় তাৰ প্ৰমাণ বিচাৰে নেকি বুলি দাবী কৰিছিল।
Comments