Cartoon
View Older
তিনিচুকীয়া:১৬ ফেব্ৰুৱাৰী: অসম প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া প্ৰণৱজিৎ কাকতিয়ে তিনিচুকীয়া জিলা পৰিষদৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে যোগদান কৰে। তেখেতে ইতিমধ্যে তিনিচুকীয়া জিলাত ৰাজহ চক্ৰ বিষয়া, অতিৰিক্ত উপায়ুক্ত, জিলা উন্নয়ন আয়ুক্ত হিচাপে নিষ্ঠা আৰু সততাৰে, সুচাৰুৰূপে কাৰ্য সম্পাদন কৰি গৈছে।
সম্প্ৰতি দিছ্পুৰত যুটীয়া সচিব আৰু অতিৰিক্ত মুখ্য নিৰ্বাচন বিষয়া হিচাপে কৰ্মৰত হৈ থকা প্ৰণৱজিৎ কাকতিক নতুনকৈ তিনিচুকীয়া জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিছে। অসম প্ৰশাসনিক সেৱাৰ এগৰাকী জ্যেষ্ঠ বিষয়া হিচাপে কৰ্মত প্ৰণৱজিৎ কাকতিৰ দখল আছে। বিষয়া গৰাকীৰ পৰা তিনিচুকীয়া জিলাৰ গ্ৰামাঞ্চলবাসীয়ে উন্নয়ন আশা কৰিছে।
Comments