গুৱাহাটী,১৬ ফেব্ৰুৱাৰী:১২-১৮ বছৰীয়াসকলক দিয়া হ’ব পাৰে ‘কৰবিভেক্স’।এই পৰামর্শ দিছে ‘ড্রাগছ কন্ট্রোলাৰ জেনেৰেল অব ইণ্ডিয়া’ৰ বিশেষজ্ঞ কমিটিয়ে। অৱশ্যে ডিচিজিআইৰ চূড়ান্ত অনুমোদনৰ বাবে অপেক্ষা কৰা হৈছে। উক্ত অনুমতি পালেই এই ভেকচিন প্রয়োগ কৰিব পৰা যাব। জানিব পৰা মতে, ২৮ দিনৰ ব্যৱধানত দুটি ছিটা দিব লাগিব। প্রতিপালিত দাম পৰিব আনুমানিক ১৪৫ টকা। এই কৰবিভেক্স ছিটা হায়দৰাবাদৰ ঔষধ নির্মাতা কোম্পানী ‘বায়োলজিকেল ই’ৰ দ্বাৰা তৈয়াৰী।
চূড়ান্ত অনুমোদনৰ বাবে ডিচিজিআইৰ ওচৰত ইতিমধ্যে আবেদন জনোৱা হৈছে। জানিব পৰামতে, 'বায়োলজিকেল ই'ক বহুকেইটা চর্তও দিয়া হৈছে। এইটো হৈছে প্রথম আৰবিডি প্র'টিন ছাব-ইউনিট ভেকচিন।প্রাপ্তবয়স্কসকলৰ ক্ষেত্রত এই টীকাৰ ব্যৱহাৰৰ বাবে অনুমতি দিয়া হৈছে। কেন্দ্রৰ তৰফৰ পৰা ইতিমধ্যে কৰবিভেক্সৰ পাঁচ কোটি পালি প্রস্তুত কৰাৰ বাবে নির্দেশ দিয়া হৈছে।
Comments