Cartoon
View Older
গুৱাহাটী,১৬ ফেব্ৰুৱাৰী:মাজুলী উপ-নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদে চিত্ৰৰঞ্জন বসুমতাৰীক বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ঘোষণা কৰা পাছতেই কটাক্ষ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।কংগ্ৰেছ, এজেপি আৰু ৰাইজৰ দল নাম ৰাইজে পাহৰি পেলাইছে।সংবাদ মাধ্যমে আকৌ মনত পেলাই থাকিলে ৰাইজৰ মনত পৰিব।
মাজুলীৰ জনতাই উন্নয়নৰ ধুমুহা যিদৰে বিচাৰিছিল তাক কৰাৰ প্ৰচেষ্টা কৰি আছোঁ।ৰাইজে আশীৰ্বাদ কৰিছে, এতিয়া বিৰোধীপক্ষৰ নাম লৈ কিয় মনত পেলাই দিম-শৰ্মাই লগতে কয়।কংগ্ৰেছ আৰু এজেপি্ৰ কথা নোকোৱাই ভাল।
উল্লেখযোগ্য যে ৭মাৰ্চত অনুষ্ঠিত হব মাজুলী উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ।বিজেপি দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ভূৱন গামক।প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰাৰ পাছতেই খালী হৈ পৰিছিল আসনখন।
Comments