Cartoon
View Older
গুৱাহাটী,১৬ ফেব্ৰুৱাৰী:১০ মে'ৰ পূৰ্বে ৰাজ্যৰ শিক্ষা বিভাগৰ ২০ হাজাৰটা পদত নিযুক্তি দিয়া হ'ব। ইতিমধ্যে এই কাৰ্যসূচীৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।এই কথা সদৰি কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
মঙলবাৰে গুৱাহাটীৰ কাহিলিপাৰাস্থিত সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ এক লাখ নিযুক্তিৰ অংশ হিচাপে শিক্ষা বিভাগত ২০ হাজাৰ পদত নিযুক্তি দিয়া হ'ব।
উল্লেখযোগ্যযে,শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে আৰু বিদ্যালয়সমূহত শিক্ষাৰ্থী আৰু শিক্ষক অনুপাত বৰ্তাই ৰখাৰ বাবে চৰকাৰে শিক্ষকসকলৰ বিতং তথ্য আপলোড কৰাৰ বাবে 'শিক্ষক স্থানান্তৰ ব্যৱস্থাপনা প্ৰণালী' তথা টি টি এম এছ নামৰ এটা অনলাইন পৰ্টেল মুকলি কৰিছিল।ইতিমধ্যে এই পৰ্টেলত প্ৰায় ২.২৪ লাখ শিক্ষকে নিজৰ নাম পঞ্জীয়ন কৰিছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে৷
Comments