বোকাখাত , ১৭ ফেব্ৰুৱাৰী : ফাগুনৰ লগে লগেই ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰবাহিত হোৱা পচোৱা বতাহৰ সুবিধাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঘাঁহনি জ্বলোৱাৰ নিয়ন্ত্ৰিত প্ৰক্ৰিয়া আৰম্ভ হয় ৷ চলিত বৰ্ষতো ৰাষ্ট্ৰীয় উদ্যানখনৰ নিৰ্বাচিত ঘাঁহনিত জুই লগোৱাৰ কাম আৰম্ভ কৰিছে উদ্যান কৰ্তৃপক্ষই ৷ ঘাঁহনিত জুই লগোৱাতো কাজিৰঙাৰ পৰিচালনা ব্যৱস্থাৰ এক বাৰ্ষিক প্ৰক্ৰিয়া ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় লগতে হাতী, ম'হ, বিভিন্ন প্ৰজাতিৰ হৰিণকে ধৰি বিভিন্ন প্ৰজতিৰ তৃনভোজী প্ৰাণী আছে ৷ আৰু এই তৃণ ভোজী প্ৰাণী ওপৰতে নিৰ্ভৰ কৰি মাংসভোজী প্ৰাণী বোৰো আছে ৷ তৃণভোজী আৰু মাংসহাৰী প্ৰাণীৰ সমতাৰ বাবে আৰু তৃণভোজী প্ৰাণীৰ পৰ্যাপ্ত খাদ্যৰ বাবেই কাজিৰঙাত বাৰ্ষিক ঘাঁহনি জ্বলোৱাৰ ব্যৱস্থা কৰা হয় ৷
চাৰ্ভে অৱ ইণ্ডিয়াৰ ভেজিটেচন মেপিংৰ তথ্যত প্ৰকাশ পোৱা মতে দেশৰ বেছি ভাগ ঘাঁহনি অঞ্চল কাঠনিলৈ ৰূপান্তৰিত হোৱা দেখিবলৈ পোৱা গৈছে ৷ কাজিৰঙাৰ ঘাঁহনিবোৰ যাতে শিমলু, ভেলকৰ, এজাৰ আদি দ্ৰুত প্ৰসাৰিত উদ্ভিদে গ্ৰাস কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি হাতত লোৱা এলানি ব্যৱস্থাৱলীৰ অন্যতম হ'ল নিয়ন্ত্ৰত পৰ্যবেক্ষণত ঘাঁহনি জ্বলোৱা প্ৰক্ৰিয়াটো ৷ ফাগুনত ঘাঁহনি জ্বলোৱাৰ পিচত নতুন বৰষুণত ক্ৰমান্বয়ে গজি উঠা ঘাঁহৰ গঁজালিবোৰে তৃণভোজী প্ৰাণীৰ বাবে পৰ্যাপ্ত খাদ্যৰ যোগান ধৰে ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনিত জুই লগোৱাৰ আগতে উদ্যান কৰ্তৃপক্ষই অগ্ৰাধিকাৰ ভিত্তিত ঘাঁহনি নিৰ্বাচন আৰু ফায়াৰ লাইন নিৰ্মান আৰু প্ৰতিটো ৰেঞ্জতে জুই লগোৱাৰ দিনপঞ্জীও প্ৰস্তুত কৰা হয় ৷ ৰাষ্ট্ৰীয় উদ্যান খনৰ মিহিমুখ আৰু দেৱেশ্বৰীৰ দৰে বিৰল প্ৰজাতিৰ উলুম'ৰা চৰাইৰ গুৰুত্বপুৰ্ণ আৱাসত জানুৱাৰী মাহত উলুম'ৰা চৰায়ে কনী পাৰি পোৱালী জগোৱা সম্পুৰ্ণ কৰাতো নিশ্চিত কৰিহে জুই জ্বলোৱাৰ ব্যৱস্থা কৰা হয় ৷ জুই জ্বলোৱাৰ পিচত ঘাঁহনি সমুহৰ জৈৱতন্ত্ৰৰ ওপৰত পৰিব পৰা নেতিবাচক দিশ সমুহো প্ৰতি বছৰতেই অধ্যয়ন কৰা হয় ৷
প্ৰতি বছৰৰ দৰে এইবাৰো কাজিৰঙাৰ ঘাঁহনিত জুই দিয়াৰ কাম আৰম্ভ কৰা হৈছে ৷ জুই দিয়াৰ সময়ত বন্যপ্ৰাণীৰ উত্তেজনা বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটকক সতৰ্ক হবলৈও কোৱা হয় ৷ ঘাঁহনিত জুই দিয়াৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উদ্যানৰ বাহিৰলৈ গঁড় আদি ওলাই যোৱাৰ সম্ভাৱনাৰ বাবেও সজাগ থাকিব লগা হয় বনকৰ্মী সকল ৷ এইবাৰৰ ঘাঁহনিত জুই দিয়া প্ৰক্ৰিয়াৰ সম্পুৰ্ণ হোৱাৰ পিচতেই গঁড়ৰ বিভাগীয় গননা কাৰ্য কৰাৰ পৰিকল্পনা কৰিছে উদ্যান কৰ্তৃপক্ষই ৷
Comments