গুৱাহাটী, ১৫ ফেব্ৰুৱাৰীঃ আই পি এল ২০২২ ৰ মেগা নিলামত ১০ টা দলে বিভিন্ন দেশৰ খেলুৱৈসকলক কোটি টকাৰো অধিক মূল্যৰে ক্ৰয় কৰিছে। দুদিন ধৰি চলি থকা নিলামত, সকলো দলে ২০০ ৰো অধিক খেলুৱৈৰ বাবে নিবিদা আগবঢ়ায়। ৫ বাৰৰ চেম্পিয়ন দল মুম্বাই ইণ্ডিয়ানছেও বহুতো দুৰ্দান্ত খেলুৱৈক ক্ৰয় কৰিছে। আনহাতে, মুম্বাইক এনে এজন অলৰাউণ্ডাৰৰ প্ৰয়োজন আছিল যিয়ে আগন্তুক সময়ত হাৰ্দিক পাণ্ডিয়াৰ স্থানত খেলিব পাৰিব।
মুম্বাই ইণ্ডিয়ানছে আই পি এল মেগা নিলামৰ পৰা এজন দুৰ্দান্ত অলৰাউণ্ডাৰ লাভ কৰিছে। এই খেলুৱৈজনৰ নাম হৈছে টিম ডেভিদ। ছিংগাপুৰত জন্মগ্ৰহণ কৰা অলৰাউণ্ডাৰজনক ৮.২৫ কোটি টকাৰ বৃহৎ পৰিমাণ পৰিশোধ কৰি মুম্বাই দলৰ সৈতে অন্তৰ্ভুক্ত কৰা হৈছে। টিম ডেভিদৰ প্ৰাৰম্ভিক মূল্য আছিল মাত্ৰ ৪০ লাখ টকা। কিন্তু মুম্বাই দলটোৱে টিমক ক্ৰয় কৰিবলৈ আটাইতকৈ বেছি সংঘৰ্ষ কৰে। ডেভিদ এজন দুৰ্দান্ত অলৰাউণ্ডাৰ আৰু তেওঁ আগন্তুক সময়ত মুম্বাই দলৰ বাবে কাৰ্যকৰী হিচাপে প্ৰমাণিত হ'ব পাৰে।
টিম ডেভিডে মুম্বাইৰ বাবে হাৰ্দিক পাণ্ডিয়াৰ খালী ঠাই পূৰণ কৰিব পাৰিব বুলি বিশ্বাস কৰা হৈছে। হাৰ্দিকক এই বছৰ মুম্বাইৰ পৰা অব্যাহতি দিয়া হৈছে। হাৰ্দিকে ইয়াৰ পিছত নিলামলৈ যোৱা নাই, কিয়নো ইতিমধ্যে গুজৰাট টাইটানছে অধিনায়ক হিচাপে হাৰ্দিকক নিযুক্তি দিছে। মুম্বাইৰ মালিক আকাশ আম্বানীয়েও কৈছে যে, "মুম্বাই দলটোৱে কেৱল হাৰ্দিক পাণ্ডিয়াৰ সলনি এজন খেলুৱৈ ক্ৰয় কৰিছে। হাৰ্দিকে বহু বছৰ ধৰি মুম্বাইৰ হৈ খেলি আছে কিন্তু এই বছৰ তেওঁ গুজৰাজৰ হৈ খেলিব। ডেভিদে আগতে আই পি এলত আৰ চি বিৰ হৈ মাত্ৰ এখন মেচ খেলিছে, য'ত তেওঁ ১ ৰাণ সংগ্ৰহ কৰিছে।"
Comments