গুৱাহাটী,১৫ ফেব্ৰুৱাৰী: ভাৰতৰ আটাইতকৈ জনপ্ৰিয় প্ৰধানমন্ত্ৰীসকলৰ ভিতৰত অটল বিহাৰী বাজপেয়ী অন্যতম। তেখেত এনে এগৰাকী সফল ৰাষ্ট্ৰনেতা যিয়ে বক্তৃতা দিলে সৰ্বসাধাৰণ মানুহৰপৰা বলীউডৰ ছুপাৰষ্টাৰলৈকে- সকলোৱে অবাক হৈ শুনিছিল। এগৰাকী সুকবি তথা সাহিত্যিক ‘ভাৰত ৰত্ন’ অটল বিহাৰী বাজপেয়ীৰ কলা-সংস্কৃতিৰ জগতখনৰ প্ৰতি আছিল বিশেষ অনুৰাগ। দেশ-বিদেশৰ বিভিন্ন চিনেমা চাই তেখেতে খুব ভাল পাইছিল। যিদৰে সমগ্ৰ দেশৰ মানুহৰ লগতে হিন্দী চলচ্চিত্ৰ জগতৰ বহু অভিনেতা-অভিনেত্ৰী তেখেতৰ অনুৰাগী আছিল, একেদৰেই বাজপেয়ী নিজেও বলীউডৰ বহুকেইগৰাকী জনপ্ৰিয় শিল্পীৰ অনুৰাগী আছিল। তাৰে ভিতৰত দিলীপ কুমাৰ, লতা মংগেশকাৰ, ড° ভূপেন হাজৰিকা আদিৰ দৰে স্বনামধন্য শিল্পীসকলৰ সৈতে আছিল তেখেতৰ ঘনিষ্ঠ সম্পৰ্ক। ফিল্মফেয়াৰ অনুষ্ঠানতো উপস্থিত থাকি বাজপেয়ীয়ে বলীউডক উৎসাহিত কৰিছিল।
বলীউডৰ সমানেই হলীউডৰ চিনেমাও উপভোগ কৰিছিল তেখেতে। ‘দেৱদাস’, ‘বন্দিনী’, ‘তীছৰি কছম’ আদি তেখেতৰ প্ৰিয় হিন্দী চিনেমা। অন্যহাতে, ‘The Bridge On The River Kwai’, ‘Born Free’, ‘Gandhi’ আদিৰ দৰে বিদেশী ছবিৰ প্ৰতিও আছিল বাজপেয়ীৰ বিশেষ আকৰ্ষণ। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গানৰো তেওঁ আছিল এজন ভীষণ অনুৰাগী।সদায়েই লাইমলাইটত থকা অভিনেত্ৰী, ‘ড্ৰীম গাৰ্ল’ হেমা মালিনী আছিল বাজপেয়ীৰ অন্যতম প্রিয় অভিনেত্ৰী। হেমা মালিনীৰ অভিনয় পৰিক্ৰমাৰ মাইলষ্ট’ন ‘সীতা অউৰ গীতা’ (১৯৭২) অটল বিহাৰী বাজপেয়ীয়ে চোৱা ছবিসমূহৰ ভিতৰত এখন অন্যতম আছিল আৰু উক্ত চিনেমা খন বাজপেয়ী ডাঙৰীয়াই ২৫ বাৰলৈকে চাইছিল।
Comments