গুৱাহাটী,১৫ ফেব্ৰুৱাৰী:ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে সোমবাৰে তেওঁৰ ফেচবুক পোষ্টত ১৬ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ সম্ভাব্য আক্ৰমণৰ কথা উল্লেখ কৰিছে। ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা তীব্ৰ উত্তেজনাময় পৰিৱেশৰ মাজত ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ এই পোষ্টতো সমুখলৈ আহিছে । ফেচবুকত পোষ্ট যোগে তেওঁ তেওঁৰ ৰাষ্ট্ৰবাসীক সম্বোধন কৰি কয়, " আমাক জনোৱা হৈছে যে, ১৬ ফেব্ৰুৱাৰীৰ দিনটো আক্ৰমণৰ দিন হ'ব " ।
ইয়াৰোপৰি জেলেনস্কিয়ে লিখিছিল যে ইউক্ৰেইনত বুধবাৰে একতা দিৱস অনুষ্ঠিত হ'ব । এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশ ইতিমধ্যে প্ৰদান কৰা হৈছে৷ তথ্য অনুসৰি, ৰাছিয়াই ইউক্ৰেইনৰ সীমান্তৰ ওচৰত ১,০০,০০০ তকৈও অধিক সৈন্য মোতায়েন কৰিছে । এই ঘটনাই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটো মিত্ৰশক্তিৰ মাজত উদ্বেগ সৃষ্টি কৰিছে যে ৰাছিয়াই সামৰিক অনুপ্ৰৱেশৰ পৰিকল্পনা কৰিছে ।অৱশ্যে, ৰাছিয়াই এনে ধৰণৰ কোনো পৰিকল্পনা ৰখাৰ কথা নিৰন্তৰ অস্বীকাৰ কৰি আহিছে । ইউক্ৰেইন, ৰাছিয়া আৰু নাটো ৰাষ্ট্ৰসমূহৰ বিষয়াসকলে অঞ্চলটোৰ উত্তেজনা হ্ৰাস কৰাৰ আশাৰে কেইবা সপ্তাহ ধৰি কূটনৈতিক আলোচনাত লিপ্ত হৈ আছে, কিন্তু কথোপকথনবোৰে কোনো সফলতা লাভ কৰা নাছিল । ইয়াৰ পূৰ্বে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে শনিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে কথা পাতিছিল আৰু কৈছিল যে যদি ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰে তেন্তে ইয়াৰ ফল ভোগ কৰিব লাগিব ।
Comments