গুৱাহাটী,২১ ফেব্ৰুৱাৰী:বন্যপ্ৰাণীৰ বিৰুদ্ধে অপৰাধ প্ৰতিৰোধ আৰু বন্যপ্ৰাণীৰ বাসস্থান সংৰক্ষণৰ ক্ষেত্ৰত সময়ে সময়ে উত্থাপিত হৈ থকা সমস্যাবোৰৰ প্ৰতি সংবাদ মাধ্যমে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি অসমৰ এডভোকেট জেনেৰেল দেৱজিত শইকীয়াই শনিবাৰে এক অনুষ্ঠানত ব্যক্ত কৰে।
তেওঁ লগতে কয় যে,"সমগ্ৰ সংবাদ মাধ্যম গোষ্ঠীয়ে বন্যপ্ৰাণীৰ বিৰুদ্ধে অপৰাধৰ লগতে সামগ্ৰিক পৰিৱেশৰ সমস্যাসমূহ একেৰাহে আৰু সমন্বিত ভাৱে আলোকপাত কৰিবলৈ টিআৰপিৰ সীমাবদ্ধতাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছো,বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতি বিভিন্ন নীতি নিৰ্ধাৰণৰ জৰিয়তে জনসজাগতাৰ সৃষ্টি কৰাৰ বাবে সংবাদ মাধ্যমে গুৰুত্ব দিয়া উচিত।"
দেৱজিৎ শইকীয়াই শনিবাৰে অসমৰ ঐতিহাসিক চহৰ শিৱসাগৰৰ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত বন্যপ্ৰাণীৰ বিৰুদ্ধে অপৰাধ প্ৰতিৰোধ আৰু বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায়ৰ ওপৰত এখন কৰ্মশালা উদ্বোধন কৰে। মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ লগতে জিলাখনৰ সংবাদ মাধ্যমৰ সহায় হোৱাকৈ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ গণ সাংবাদিকতা বিভাগৰ সৈতে যুক্ত হৈ জৈৱ বৈচিত্ৰ্য গৱেষণা আৰু সংৰক্ষণ সংস্থা আৰণ্যকে এই কৰ্মশালাৰ আয়োজন কৰে।
২০০৫-২০১৪ বৰ্ষত অসমত গঁড়ৰ চোৰাং চিকাৰ এক উদ্বেগজনক হাৰত বৃদ্ধি পাইছিল এই সময়ছোৱাত গঁড়ৰ চোৰাং চিকাৰৰ বিৰুদ্ধে গণ প্ৰতিবাদ সৃষ্টি কৰাত সংবাদ মাধ্যমৰ ভূমিকাক তেওঁ প্ৰশংসা কৰে। তেওঁ কয় যে ২০১৫ চনৰ পৰা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কাৰ্যকৰী ব্যৱস্থাৰ বাবে ২০১৬ চনৰ পৰা ৰাজ্যখনত গঁড়ৰ চোৰাং চিকাৰ তীব্ৰভাৱে হ্ৰাস পাইছে।
বন্যপ্ৰাণী আৰু ইয়াৰ বাসস্থান সুৰক্ষাৰ ক্ষেত্ৰত সংবাদ মাধ্যমসমূহে কিমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে তাৰ উদাহৰণ দাঙি ধৰি, নাৰায়ণে ২০১২ চনত অসমৰ এখন প্ৰতিষ্ঠিত দৈনিক বাতৰি কাকতৰ এটা বাতৰিৰ কথা মনত পেলাইছিল যাৰ ফলত ইউনেস্কো-ঘোষিত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হোৱা ব্যাপক বেদখলৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন পিআইএল দাখিল কৰা হৈছিল।ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ ফলত অৱশেষত ৰাষ্ট্ৰীয় উদ্যানৰ ৬ ষ্ঠ সংযোজনৰ পৰা বেদখলকাৰীসকলক উচ্ছেদ কৰা হৈছিল।
Comments