গুৱাহাটী,২০ ফেব্ৰুৱাৰী:এলভিছ আলী হাজৰিকা হৈছে ১৯৯২ চনত চীনত অনুষ্ঠিত এছিয়া-পেচিফিক সাঁতোৰ প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় সোণৰ পদক জয় কৰা প্ৰথম ভাৰতীয় পুৰুষ সাঁতোৰবিদ । তেওঁ ১৯৯৪ চনৰ এছিয়ান চুইমিং প্ৰতিযোগিতাত দুটা স্বৰ্ণসহ ছয়টা পদক জয় কৰি অভিলেখো গঢ়িছিল । ২০১৯ চনত উচ্চ বিপদাশংকা থকা তিমি-চাৰ্ক-ছীল থকা কাটালিনা চেনেল (আমেৰিকা যুক্তৰাষ্ট্ৰ) অতিক্ৰম কৰি এই কৃতিত্ব অৰ্জন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন সাঁতোৰবিদ। চলিত বৰ্ষৰ ৮ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ প্ৰায় আঢ়ৈ দিন একেৰাহে সাতুৰিব দুঃসাহসিক সাঁতোৰবিদজনে। এইবাৰ হাজৰিকাই 'ইণ্ডো-আৰবিয়ান গে’টৱে চুইম' নামেৰে ১৬৮ কিল’মিটাৰ দৈঘ্য সাঁতোৰাৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছে ।
এলভিছৰ এই সাঁতোৰৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য হৈছে সাগৰ আৰু নদীৰ পানী প্ৰদূষণৰ বিষয়ে সজাগতা সৃষ্টি কৰা। ক্ৰীড়া ভাৰতী অসম প্ৰদেশৰ সহযোগত এই প্ৰত্যাহ্বানমূলক সাঁতোৰত অংশ ল'ব এলভিছ আলী হাজৰিকাই৷ এই সাঁতোৰত এলভিছ আলী হাজৰিকাক সহযোগ কৰিব মহাৰাষ্ট্ৰৰ সাঁতোৰবিদ গণেশ পালাণ্ডে আৰু পশ্চিমবংগৰ ৰিমো ছাহাই । এই সিদ্ধান্তৰ কথা সদৰি কৰি সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই কয় যে, আমাৰ পৰৱৰ্তী প্ৰজন্মৰ বাবে প্ৰদূষণ বন্ধ কৰিবলৈ সৰ্বাধিক অগ্ৰাধিকাৰ হিচাপে লৈ তেওঁ মুম্বাই আৰু ইয়াৰ আশে-পাশে থকা এই প্ৰদূষিত পানীত ৰিলে সাঁতোৰৰ পৰিকল্পনা কৰিছে ।
Comments