Cartoon
View Older
গুৱাহাটী,২০ ফেব্ৰুৱাৰী:শেষ পৰ্যন্ত ৰুছ সেনাই ইউক্রেন আক্রমণ কৰিব বুলিয়েই ভাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। শনিবাৰে তেওঁ কয়, ‘‘ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুতিনে ৰাজধানী কিয়েভসহ ইউক্রেইনত আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছে। সীমান্তত সেনাৰ সক্রিয়তাৰ ফলত উত্তেজনা সৃষ্টি হ’লেও এয়া মিছা বুলি গাপ দিব বিচাৰিছে।’’
বাইডেনৰ দাবী, আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ ৰিপোর্টে কৈছে, আগন্তুক কেইসপ্তাহমানৰ ভিতৰতেই ইউক্রেইনত আক্ৰমণ চলাব ৰাছিয়াৰ সেনাই। ইয়াৰ মাজতেই ইউক্রেইনৰ পূব প্রান্তৰ চহৰ ডোনেটস্কত এটি অসামৰিক কনভয়ৰ ওপৰত আক্ৰমণ চলাইছে ৰুছপন্থী বিদ্রোহীয়ে।ৰাছিয়াৰ সমৰ্থনতেই এই আক্ৰমণ বুলি দাবী আমেৰিকাসহ পশ্চিমীয়া সংবাদ মাধ্যমবোৰৰ। সম্ভাব্য যুদ্ধৰ পৰিস্থিতিত সীমান্তৱর্তী উক্ত এলেকাৰ পৰা অসামৰিক নাগৰিকসকলক আঁতৰাবলৈ গৈ আক্রান্ত হয় কনভয়টো।
Comments