গুৱাহাটী,২০ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীৰ খাৰঘূলী আৰু উজান বজাৰ পৰা নিৰুদ্দেশ হোৱা যুৱতী দুগৰাকীয়ে আলফা(স্বা)ত যোগ কৰিছে৷ এই কথা নিশ্চিত কৰিলে অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।শনিবাৰে সংবাদ মাধ্যমৰ সম্মুখত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই মন্তব্য কৰে যে, কেৱল গুৱাহাটীয়েই নহয়, অসমৰ বহু যুৱক-যুৱতী গৈছে আলফালৈ ৷ সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা(স্বা) আৰু চৰকাৰৰ শান্তি আলোচনা চৰ্চা অব্যাহত থকা সময়তে আলফা(স্বা) যোগদান দুগৰাকী যুৱতীয়ে বৃহস্পতিবাৰে আলফা(স্বা) যোগদান কৰা কথা পোহৰলৈ আহিছিল।
জানিব পৰা মতে, আলফাত যোগ দিয়া যুৱতী দুগৰাকী খাৰঘূলী জয়পুৰৰ ক্ৰমে সৰস্বতী দাস আৰু ৰুমী ডেকা । গুৰুত্বপূৰ্ণ কথা যুৱতী দুগৰাকী ইতিমধ্যে আলফা(স্বা) শিৱিৰত উপস্থিত হোৱা বুলিও এক খবৰ ওলাইছে । বিগত মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল দুয়োগৰাকী যুৱতী ।প্ৰাপ্ত তথ্য অনুসৰি, সৰস্বতী দাসে ফাঁচী বজাৰৰ এখন দোকান কাম কৰিছিল । ডিব্ৰুগড়ৰ বান্ধবী ঘৰলৈ যাওঁ বুলি ওলাই গৈছিল সৰস্বতী । তাৰ পাচৰ পৰাই সন্ধানহীন হৈ আছিল সৰস্বতী ।
তেতিয়াৰ পৰাই সন্দেহ কৰা হৈছিল যে, নিৰুদ্দেশ হোৱা দুই যুৱতী গৈছে আলফা(স্বা)লৈ ৷ইপিনে যুৱতী দুগৰাকী যোগদান কৰিছে নাই সেই কথা বর্তমানলৈ আনুষ্ঠানিকভাৱে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা(স্বা)ই প্ৰকাশ কৰা নাই কোনো তথ্য । লগতে এই সম্পৰ্কে আলফা(স্বা)য়ে কোনো কথা প্ৰাকাশ প্ৰকাশ নকৰে বুলিও মন্তব্য কৰে অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । তেওঁ কয় যে, এই বিষয়টো অসম আৰক্ষীয়ে গুৰুত্ব সহকাৰে লৈছে।
Comments