গুৱাহাটী,২১ ফেব্ৰুৱাৰী:চেন্নাই এক্সপ্রেছত ১৭ লাখ টকাৰ গহনা হেৰুৱাই বিধ্বস্ত হৈ পৰিছিল এটা পৰিয়াল। পাগলৰ দৰে ষ্টেচনে ষ্টেচনে সন্ধান কৰি ফুৰিছিল উক্ত গহনাৰ বেগটো। অৱশেষত স্বস্তিৰ নিশ্বাস পেলায় তেওঁলোকে। মুম্বাই আৰক্ষীৰ কনিষ্টবল ঈশ্বৰ যাদৱে তেওঁলোকৰ উক্ত বেগটোৰ সন্ধান দিয়ে।
আৰক্ষী সূত্ৰ মতে, মুম্বাইৰ আন্ধেৰিৰ বাসিন্দা আন্নামপালি পৰিয়ালে তেওঁলোকৰ পুৰণি ঘৰ তেলঙ্গানালৈ এক অনুষ্ঠানলৈ গৈছিল। লগত আছিল ১৭ লাখ টকাৰ গহনাভর্তি বেগটো। কিন্তু উভতাৰ সময়তে ঘটে বিপত্তি। চেন্নাই এক্সপ্রেছৰ পৰা লোকেল ট্রেইন ধৰাৰ বাবে তেওঁলোকে দাদৰত নামে। সেই সময়তে বেগটো পেলাই থৈ আহে।
পৰিয়ালটোৰ সদস্য আনন্দ আন্নামপালিয়ে কয়, ‘‘আমি ঘৰত আহি উপস্থিত হোৱাৰ পিছত দেখো গহনাভর্তি বেগটো নাই।’’ কিন্তু তেতিয়াও তেওঁলোকে বুজিব পৰা নাছিল যে বেগটো পেলাই থৈ আহিছেনে নাই। বেগটোৰ সন্ধানত পৰিয়ালৰ এটা দল যায় আন্ধেৰি ষ্টেচনলৈ। কথা পাতে নিৰাপত্তাৰক্ষীৰ সৈতে। তেওঁলোকে চিচি টিভি ফুটেজ চায়। অন্য এটি দল যায় দাদৰ ষ্টেচনলৈ।
কিন্তু যিখন ৰে’লত তেওঁলোক উভতিছিল, সেইখন তেতিয়ালৈকে মাজগাঁও য়ার্ডলৈ গুচি গৈছিল। তেওঁলোকে ৰে’ল আৰক্ষীত অভিযোগ দাখিল কৰে।
অভিযোগ লাভ কৰি ৰে’ল আৰক্ষীৰ কনিষ্টবল ঈশ্বৰ যাদৱক অনুসন্ধানৰ বাবে পঠায়। কিন্তু তেতিয়ালৈকে ৰে’লখনৰ চাফাইৰ কাম সম্পন্ন হৈছে। খিৰিকা-দৰ্জা সকলো বন্ধ কৰি দিয়া হৈছে। ঈশ্বৰে তেতিয়া জৰুৰী সময়ত ব্যৱহাৰ কৰা এখন খিৰিকীৰে ৰে’লৰ ভিতৰত সোমায়। যিটো দবাত আন্নামপালি পৰিয়াল আছিল তাত উপস্থিত হয়। তন্নতন্নকৈ বিচৰাৰ পিছত এটি ছিটৰ তলৰ পৰা বেগটি উদ্ধাৰ হয়।
আনন্দ আন্নামপালিয়ে কয়, ‘‘আমি ভাবিছিলো কোনো যাত্রীয়ে বেগটি লৈ গৈছে। আমাৰ মা ভাঙি পৰিছিল। আমি ভবাই নাছিলো উক্ত গহনাভর্তি বেগ ঘূৰাই পাম বুলি।’’আনহাতে বেগটি উদ্ধাৰ কৰা কনিষ্টবল ঈশ্বৰ যাদৱৰ প্রতিক্রিয়া, ‘‘পৰিয়ালৰ (আন্নামপালি) লোকসকলে কৈছে মোৰ নাম ঈশ্বৰ। সেই কাৰণেই বেগটি উদ্ধাৰ কৰা সম্ভৱ হ’ল।’’
Comments